৪ জন ভাৰতীয়সহ ২২ জন যাত্ৰী কঢ়িয়াই অনা নেপালৰ বিমান সন্ধানহীন
নিয়মীয়া বাৰ্তা, ২৯ মে’: নেপালৰ ব্যক্তিগত বিমান সংস্থা তাৰা এয়াৰৰ এখন বিমান দেওবাৰে নিৰুদ্দেশ হয়। বিমানখনে ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। তাৰা এয়াৰৰ এই সৰু যাত্ৰীবাহী বিমানখনত মুঠ ২২ জন যাত্ৰী থকাৰ খবৰ পোৱা গৈছে, ইয়াৰে চাৰিজন ভাৰতীয় বুলি এক খবৰ প্ৰকাশ হৈছে। এতিয়ালৈকে পোৱা তথ্য অনুসৰি দুই ইঞ্জিনযুক্ত টাৰা এয়াৰ ৯ এন এ ই টি পোখৰাৰ পৰা জোমছোমলৈ গৈ আছিল, তেতিয়াই বাটত কণ্ট্ৰ’ল ৰুমৰ সৈতে যোগাযোগ বিচ্চিন্ন হয়। নেপালৰ সংবাদ মাধ্য়মৰ মতে, এই বিমানখনত মুঠ ২২ জন যাত্ৰী আছিল, য’ত চাৰিজন ভাৰতীয়, তিনিজন জাপানী আৰু বাকীসকল আছিল নেপালী নাগৰিক। বিমানখনত আছিল তিনিজন ক্ৰু সদস্য।
উল্লেখ্য যে ৰাজধানী কাঠমাণ্ডুৰ পৰা ৮০ কিলোমিটাৰ উত্তৰ-পশ্চিমে স্থানীয় সময় অনুসৰি পুৱা ৯.৫৫ বজাত পোখৰাৰ পৰা জোমছমলৈ উৰা মাৰিছিল এই বিমানখনে। অৱশ্যে বৰ্তমান নেপাল সেনাই অনুসন্ধান অভিযান অব্যাহত ৰাখিছে।
Home Ministry has deployed two private helicopters from Mustang and Pokhara for the search for missing aircraft. Nepal Army chopper is also being prepared to be deployed for the search: Phadindra Mani Pokharel, spokesperson at Home Ministry to ANI
— ANI (@ANI) May 29, 2022