কাইলৈৰ পৰা আমগুৰিৰ সৌৰ বিদ্যুৎ উৎপাদন প্ৰকল্প হব কাৰ্যক্ষমঃ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৩০ মেঃ শিৱসাগৰৰ আমগুৰিত স্থাপন কৰা ৭০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰটো কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। এক সংবাদ মেল এই কথা জানিবলৈ দিয়ে শক্তিমন্ত্ৰী বিমল বৰাই। উল্লেখ্য যে অসম চুক্তিৰ ৭নং দফাত উল্লিখিত জনসাধাৰণৰ জীৱন ধাৰণৰ মানৰ উৎকৰ্ষ সাধনৰ বাবে সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰ আধাৰত ৩৪০ একৰ মাটিত প্ৰায় ৩৪৪.২০ কোটি টকা ব্যয়েৰে অসমৰ সৰ্ববৃহৎ প্ৰকল্পটো নিৰ্মাণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মেচাৰ্ছ জেকচন পাৱাৰ প্ৰাইভেট লিমিটেড আৰু এপিজিচিএলে ক্ৰমে সৌৰশক্তি কেন্দ্ৰ নিৰ্মাণকাৰী আৰু সৌৰশক্তি উৎপাদন উদ্যান নিৰ্মাণকাৰী হিচাপে এই প্ৰকল্পৰ সৈতে নিয়োজিত হৈ থকা বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে এই প্ৰকল্পৰ পৰা উৎপাদিত সমগ্ৰ বিদ্যুৎ প্ৰতি ইউনিটত ৩.৯৮ টকা দৰত ২৫ বছৰৰ বাবে ক্ৰয় কৰিব। চৰকাৰী পতিত ভূমিত ১০০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা পৰিকল্পনা অহা ৩ বছৰৰ ভিতৰত বাস্তৱায়িত হব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ যে ২০১৯ চনত তদানীন্তন মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পটো ৩ বছৰত সম্পূৰ্ণ হয়।