মাদ্রাছা বিলুপ্তিকৰণ আইনক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ
নিয়মীয়া বাৰ্তা, ১জুন: ৰাজ্যৰ মাদ্রাছাসমূহ বিলুপ্তিকৰণৰ বাবে ৰাজ্য চৰকাৰে প্রণয়ন কৰা আইন বাহাল ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রদান কৰা নির্দেশনাক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰুজু কৰা হৈছে গোচৰ৷ ১৩গৰাকী আবেদনকাৰীয়ে দাখিল কৰা এই আবেদনৰ জৰিয়তে তাৎক্ষণিকভাৱে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিতাদেশ প্রদান কৰিবলৈও প্রার্থনা জনাইছে৷ মাদ্রাছা বিলুপ্তিকৰণ আইনৰ জৰিয়তে ৰাজ্য চৰকাৰে উচ্চ প্রাথমিক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক মাদ্রাছাসমূহ সম্পূর্ণৰূপে বন্ধ কৰাৰ লগতে এই শিক্ষানুষ্ঠানসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰিছিল৷
যোৱা ২৭ জানুৱাৰীত ৰাজ্যপালে এই আইনখনত অনুমোদন জনোৱাৰ পাছতে ৰাজ্যত বলৱৎ হৈছিল অসম মাদ্রাছা বিলুপ্তিকৰণ আইন৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক গৰিষ্ঠসংখ্যক লোকে আদৰি লৈছিল যদিও আন একাংশই ইয়াৰ বিৰোধিতা কৰে৷ ইয়াৰ পাছতে কেইবাগৰাকীও ব্যক্তিয়ে ৰাজ্য চৰকাৰে প্রণয়ন কৰা মাদ্রাছা বিলুপ্তিকৰণ আইনক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে৷ এই গোচৰটোৰ দীর্ঘদিনীয়া শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে আইনখনক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদন খাৰিজ কৰাৰ লগতে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত বাহাল ৰাখে৷ ইয়াৰ পাছতে এই ১৩গৰাকী ব্যক্তিয়ে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মাদ্রাছা বিলুপ্তিকৰণ আইন বাহাল ৰখাৰ লগতে যিহেতু এই বিদ্যালয়সমূহ চৰকাৰী ধনেৰে পৰিচালিত হয়, সেয়েহে ধর্মীয় শিক্ষা প্রদানৰ অনুমতি প্রদান কৰিব নোৱাৰে বুলি মন্তব্য কৰিছিল৷ অৱশ্যে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত এই বুলিও উল্লেখ কৰা হৈছে যে পূর্বে মাদ্রাছাসমূহত ধর্মীয় শিক্ষাৰ উপৰি আন আন সাধাৰণ শ্রেণীৰ বিষয়সমূহৰ শিক্ষাও প্রদান কৰা হৈছিল৷ সেয়েহে মাদ্রাছাসমূহ বাহাল ৰাখিব লাগে বুলিও আবেদনখনত উল্লেখ কৰা হৈছে৷