নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমত প্ৰতাৰিত পপ তাৰকা ছাকিৰা, বিচ্ছেদ হ’বলৈ ওলাইছে বিশ্বৰ শক্তিশালী দম্পতীৰ

বিশেষ বাৰ্তা, ২ জুনঃ ব্যক্তিগত জীৱনৰ বাবেই সংবাদ শিৰোনাম দখল কৰিছে পপ তাৰকা ছাকিৰাই। কলম্বিয়াৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ছাকিৰা। তেওঁক‘লেটিন সংগীতৰ ৰাণী’ বুলিও জনা যায়। ‘ৱাকা ৱাকা’ ৰে ভাৰততো বৰকৈ জনপ্ৰিয় হৈছিল ছাকিৰা। কিন্তু শেহতীয়াকৈ প্ৰেমত প্ৰতাৰিত হৈছে এইগৰাকী বিশ্বখ্যাত তাৰকা শিল্পী। শুনা মতে, ফুটবলাৰ জেৰাৰ্ড পিক আৰু তেওঁৰ মাজত একো ঠিকে নাই। এই দম্পতীয়ে ২০১০ চনৰ পৰা একেলগে আছে। তেওঁলোকৰ দুটা সন্তানো আছে। কিন্তু জেৰাৰ্ডে ছাকিৰাক প্ৰতাৰণা কৰা বুলি জানিব পাৰি দুয়ো পৃথক হৈছে।  ফৰ্বছৰ বিশ্বৰ আটাইতকৈ শক্তিশালী দম্পতীৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা ছাকিৰা আৰু জেৰাৰ্ডে শীঘ্ৰেই আনুষ্ঠানিকভাবে সম্পৰ্ক ছেদ কৰিব বুলিও কোৱা হৈছে।

সংবাদ সূত্ৰ অনুসৰি, যোৱা কেইসপ্তাহমানৰ পৰা জেৰাৰ্ডে নিজৰ দীৰ্ঘদিনীয়া সংগী ছাকিৰাৰ ঘৰ এৰি গুচি আহি পৃথকে ‘পাৰ্টি’ জীৱন কটাইছে। সদায়ে ৰাতি পাৰ্টি কৰিছে। তাৰে কেইসপ্তাহ আগতে ছাকিৰাই আন এগৰাকী মহিলাৰ সৈতে ধৰা পেলাইছিল জেৰাৰ্ডক। প্ৰেমত প্ৰতাৰিত হৈ বিচ্ছেদ ল’বলৈ ওলাইছে কণ্ঠশিল্পীগৰাকীয়ে। উল্লেখনীয় যে, ২০০০ চনত আৰ্জেণ্টিনাৰ অধিবক্তা এণ্টনিঅ’ডে লা ৰুৱাৰ সৈতে ছাকিৰাৰ সম্পৰ্ক আছিল। ১০ বছৰ একেলগে থকাৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটে। ইয়াৰ পিছতে ছাকিৰাই স্পেইনৰ ফুটবল খেলুৱৈ জেৰাৰ্ড পিকৰ প্ৰেমত পৰে। গেৰাৰ্ক তেওঁতকৈ ১০ বছৰ সৰু। ২০১৩ চনত ছাকিৰাই প্ৰথম সন্তান জন্ম দিয়ে। দুবছৰৰ পিছত ২০১৫ চনত দ্বিতীয় পুত্ৰৰ জন্ম হয়।

You might also like