বিবাহ মণ্ডপৰ পৰা কন্যাক অপহৰণ, ধৰ্মান্তকৰণ কৰি পুনৰ মুছলমান যুৱকৰ সৈতে বিবাহ
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন চলি থকাৰ সমান্তৰালকৈ পাকিস্তানত পুনৰ হিন্দু লোকৰ ওপৰত অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিছে ।
উল্লেখ্য যে এই ঘটনা কৰাচীৰ পৰা ২১৫ কিলোমিটাৰ দূৰত্বৰ মটিয়াৰী জিলাৰ হালা চহৰত সংঘটিত হৈছে ।
ঘটনা অনুসৰি, ২৪ বছৰীয়া হিন্দু যুৱতী ভাৰতী বাইৰ বিবাহ দেওবাৰে হালা চহৰৰে এজন হিন্দু যুৱকৰ সৈতে সম্পন্ন হৈছিল । কিন্তু এই বিবাহ অনুষ্ঠানৰ মাজতে কোনো অজ্ঞাত লোকে আক্ৰমণ কৰি যুৱতীগৰাকীক বিবাহমণ্ডপৰ পৰায়ে অপহৰণ কৰি লৈ যায় ।
ইফালে কন্যাৰ দেউতাকৰ মতে বিবাহৰ দিনাই হিন্দু সম্প্ৰদায়ৰ তেওঁৰ জীয়ৰীক অপহৰণ কৰা হয় আৰু বলপূৰ্বকভাৱে তাইক মুছলমান সম্প্ৰদায়ৰ এজন লোকৰ সৈতে বিয়া কৰোৱা হৈছে ।
ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ।