নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা টাউন হাইস্কুলত ৰাজ্যিক পৰ্য্যায়ৰ আলোচনা চক্ৰ ও বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত

নিয়মীয়া বাৰ্তা, ৫জুনঃ ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখা, ডিগবৈ বন সংমণ্ডল, ভাস্কৰ শৰ্মা ফ্ৰেনছ ক্লাৱৰ উদ্যোগত মাৰ্ঘেৰিটা টাউন হাইস্কুলত আজি অসম ভিত্তিত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যক পৰ্য্যায়ৰ আলোচনা চক্ৰ, চিত্ৰাংকন প্ৰতিযোগীতা, বিক্ষৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত। ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পৱিত্ৰ বৰগোহাঞি আঁ‌ত ধৰা অনুষ্ঠান সমূহত মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ক্ত পলাশ ৰাজকুমাৰ আহোম সহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক সুৰজিৎ বৰকটকী বিশিষ্ট অতিথি হিচাপে থকা অনুষ্ঠানতে গোলকীয় উঞ্চতা আৰু ইয়াৰ বিৰূপ প্ৰভাৱ শীৰ্ষক আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ডাঃ শ্ৰুতিধাৰা মহন্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ শিক্ষা বিভাগৰ অধ্যাপক । মুকলি সভাতে পৱিত্ৰ বৰগোহাঞি লেখা ‘প্ৰবন্ধ কৰণি’ শীৰ্ষক এখন গ্ৰন্থ আৰু স্মৃতি গ্ৰন্থ ‘সেউজী ধৰণি’ উন্মোচন কৰা হয়। ডিগবৈ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ তিলক চন্দ্ৰ দত্তই পৌৰহিত কৰা মুকলি সভাত ক্ষেত্ৰীয় আয়ুক্ত, কয়লা খনি ভবিষ্যত নিধিৰ য়াত্ৰা শ্যাম তুৰুং, অধ্যাপক ডঃ ৰমেন হাজৰিকা, জ্যোতিষ ৰাই, হিমান্ত মাধৱ কটকী সহ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি তথা মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন বিদ্যালয়, মাৰ্ঘেৰিটা মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সহ বিভিন্ন প্ৰকৃতি প্ৰেমী সকলে দীনজোৰা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

 

You might also like