নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠকৰ মাজতে তললৈ ঢলি পৰে পুটিন, ৰাজহুৱা স্থানত নাযাবলৈ চিকিৎসকৰ পৰামৰ্শ

বিশেষ বাৰ্তা, ১১ জুনঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। এই সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অসুস্থ হোৱাৰ বহু খবৰ আহিছে। এইবাৰ আহিল পুটিনৰ স্বাস্থ্য সম্পৰ্কীয় আন এক খবৰ। কোৱা হৈছে যে পুটিনে দেশখনৰ সামৰিক বিষয়াসকলৰ সৈতে আলোচনা কৰি থকাৰ সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ঢলি পৰে। ইয়াৰ পিছতে চিকিৎসকে পৰামৰ্শ দিছে যে তেওঁ দীৰ্ঘদিনলৈ যাতে ৰাজহুৱা স্থানত নাযায়। টেলিগ্ৰাম চেনেল জেনেৰেল এছভিআৰে জনোৱা মতে, সামৰিক উপদেষ্টাৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত পুটিন স্বাস্থ্যৰ অৱনতি ঘটে। যেতিয়া তেওঁ থিয় হৈ দিবলৈ উঠে তেতিয়াই দুৰ্বলতাৰ বাবে মূৰ ঘূৰোৱা যেন লাগে আৰু পৰি যাব খোজে। ডেইলী মেইলৰ বাতৰি অনুসৰি পুটিনক তৎক্ষণাত চিকিৎসা সহায়ৰ প্ৰয়োজন আছিল। এই টেলিগ্ৰাম চেনেলটোৱে নিৰন্তৰভাৱে দাবী কৰি আহিছে যে ৰাছিয়াৰ ভিতৰৰ এটা গোপন উৎসৰ পৰা তেওঁলোকে খবৰ পাই আছে। পুটিনৰ কৰ্কট ৰোগ আৰু পাৰ্কিনছন ৰোগৰ বিষয়ে তেওঁলোকেই দাবী কৰিছিল।

You might also like