নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাইৰাছৰ বাবে বিৰল ৰোগত আক্ৰান্ত জাষ্টিন বেইবাৰ, মুখৰ এফালে হৈছে পক্ষাঘাত

বিশেষ বাৰ্তা, ১১ জুনঃ বিখ্যাত কণ্ঠশিল্পী জাষ্টিন বেইবাৰৰ অনুৰাগীসকলৰ বাবে এটা বেয়া খবৰ। শিল্পীগৰাকীয়ে ৰামছে হাণ্ট চিনড্ৰম নামৰ এক বিৰল ৰোগত ভূগিছে, যাৰ বাবে তেওঁৰ মুখৰ আধা অংশ পক্ষাঘাতত পৰিণত হৈছে। এই বিষয়ে ছ’চিয়েল মিডিয়াত ভিডিঅ’ এটা শ্বেয়াৰ কৰি ২৮ বছৰীয়া প’প তাৰকাগৰাকীয়ে কয় যে তেওঁ কনচাৰ্ট শ্ব’বাতিল কৰি কেইদিনমান ছুটী লৈছে, যাতে জিৰণি ল’ব পাৰে। ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে জাষ্টিন বেইবাৰে।

 

View this post on Instagram

 

A post shared by Justin Bieber (@justinbieber)

তেওঁ কৈছে যে এটা ভাইৰাছৰ বাবেই এই বিপদজনক ৰোগত আক্ৰান্ত হৈছে। এই ভাইৰাছে তেওঁৰ মুখৰ স্নায়ুবোৰক আক্ৰমণ কৰিছে। ইয়াৰ বাবেই মুখৰ আধা অংশ পক্ষাঘাতত পৰিণত হৈছে। ভিডিঅ’টোত অনুৰাগীসকলক দেখুৱাইছে যে তেওঁৰ এফালৰ চকুৰ পলক নপৰে। সেইটোফালেৰে বেঁকাকৈ হাঁহিবও নোৱাৰে আৰু নাকটোও লৰচৰ কৰা নাই৷ গায়কজনে কয় যে তেওঁ মুখৰ ব্যায়াম কৰি থকাৰ লগতে সময় উলিয়াই বিশ্ৰাম আৰু জিৰণি ল’বলৈ চেষ্টা কৰিছে যাতে ১০০ শতাংশ সুস্থতালৈ ঘূৰি আহিব পাৰে আৰু যি কৰিবলৈ জন্ম লৈছে সেয়া কৰিব পাৰে।

You might also like