নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁওস্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতালত কেঞ্চাৰ ছাৰভাইভাৰ দিৱস

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ “কেঞ্চাৰ মানে জীৱনৰ শেষ নহয়, কেঞ্চাৰ মানে জীৱন যুঁজৰ আৰম্ভনি, সঠিক পথত কেঞ্চাৰৰ সৈতে যুঁজিব পাৰিলে কেঞ্চাৰ ৰোগক জয় কথাটো সম্ভৱ।”  আজি এই শ্লোগানেৰে আমিনগাৱস্থিত নাৰায়না হৃদয়ালয়া চুপাৰস্পেচিয়েলিটি হাস্পতালত কেঞ্চাৰ চাৰভাইভাৰ দিৱস পালন কৰা হয়। নাৰায়না চুপাৰ স্পেচিয়েলিটি হাস্পতালখনৰ  কেঞ্চাৰ বিভাগৰ ডাক্তৰসকলে  দুৰাৰোগ্য কেন্সাৰৰ সতে যুঁজি  ইতিমধ্যে বহুকেইজন ৰোগীক  আৰোগ্য কৰি তুলিছে। আজি এই দিৱসত  তেওঁলোকে  কেঞ্চাৰ ৰোগৰ পৰা আৰোগ্য কৰি তোলা কেইবাগৰাকী ৰোগীক হাস্পতাল কৰ্তৃপক্ষৰ ফালৰ পৰা  ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। আৰোগ্য হোৱা ৰুগী সকলে তেওঁলোকে দুৰাৰোগ্য কেঞ্চাৰৰ সৈতে যুঁজ দিওঁতে হস্পিটালখনৰ ডাক্তৰ, নাৰ্চ নতুবা অণ্য কৰ্মচাৰী সকলৰ পৰা পোৱা সহায় সহযোগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।চিকিৎসালয় খনৰ অধীক্ষক ডাঃ বিপাদিত্য মুখোপাধ্যায়, জেষ্ঠ চিকিৎসক ডাঃ চাইকট মালিক, ডাঃ জুমি বৰগোহাঁই,ডাঃদিগবিজয় শৰ্মা,  ডাঃ অজিত কুমাৰ বেলামকণ্ডা,ডাঃ নৰেশ মাধৱ, ডাঃ ৰাজ কুমাৰ প্ৰকাশ  আদিয়ে কেঞ্চাৰ ৰোগৰ আধুনিক চিকিৎসা পদ্ধতিৰ বিষয়ে বিবৰি কয়। হস্পিটাল খনত এতিয়া কেন্সাৰ ৰোগৰ চিকিৎসা কৰিব পৰা প্ৰতিটো বিভাগ সন্নিবিষ্ট হোৱাৰ কথাও অনুষ্ঠানটোত ব্যক্ত কৰে। তেওঁলোকে কয় যে উপযুক্ত সময়ত উপযুক্ত চিকিৎসা  কৰিব পাৰিলে এতিয়া কেন্সাৰ বেমাৰ জয় কৰাতো সহজসাধ্য হৈ উঠিছে। হস্পিটালখনৰ কেন্সাৰৰ বিৰূদ্ধে চলোৱা এই অভিযানক অঞ্চলবাসীয়ে প্ৰশংসা কৰিছে।
প্ৰেৰক মুনীন ডেকা

You might also like