“বিটিএডিৰ সংখ্যাগৰিষ্ঠ জনগণক অন্ধকাৰত ৰাখি স্বাক্ষৰ কৰা হৈছে শান্তি চুক্তি”
এন ডি এফ বিৰ চাৰিটা গোট আৰু এবছুৰ লগত কেন্দ্ৰ-ৰাজ্য চৰাকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ নৱ শৰণীয়াই ।
নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কোকৰাঝাৰৰ সাংসদগৰাকীয়ে কয় যে এন ডি এফবিৰ চাৰিওটা গোট আৰু এবছুৰ লগত স্বাক্ষৰ কৰা এই চুক্তি হ’ব বুলি কোৱা হৈছে । কিন্তু বি টি এ ডিৰ গৰিষ্ঠসংখ্যক জনসাধাৰণ আৰু খোদ কোকৰাঝাৰৰ সাংসদগৰাকীক অন্ধকাৰত ৰাখি চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিছে৷ যাৰ বাবে আজি সকলোৰে মনত সন্দেহৰ উদয় হৈছে৷ এই সমগ্র ঘটনাৱলীত এক গভীৰ ৰাজনৈতিক ষড়যন্ত্র নিহিত হৈ আছে৷ কাৰণ বিটিচিৰ আগন্তুক নির্বাচনত হাগ্রামা বাহিনীৰ পৰাজয় নিশ্চিত আছিল৷ তদুপৰি বি টি এ ডিত যদি আন ৰাজনৈতিক শক্তিৰ উত্থান হয়, তেনেহ’লে বিজেপিয়েও অহা বিধানসভাত ১০০খন আসন দখলৰ ঘোষিত লক্ষ্যত উপনীত হ’ব নোৱাৰিব৷ সেই বাবেই এতিয়া ততাতৈয়াকৈ শান্তি চুক্তি স্বাক্ষৰ কৰি অন্তর্ৱর্তীকালীন চৰকাৰ গঠন কৰিবলৈ লৈছে৷ আচলতে বি বিদাই দুবছৰ আগতেই শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ আহিছিল৷ কিন্তু হাগ্রামা মহিলাৰীয়ে বিদাইৰ বিৰুদ্ধে বহু গুৰুতৰ অপৰাধৰ অভিযোগ থকাৰ অজুহাত দেখুৱাই তেওঁক ওভতাই পঠিয়ালে৷ এতিয়া নিজৰ ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰ দেখি বি বিদাইক জংঘলৰ পৰা মাতি আনিছে৷
আনকি ৰঞ্জন দৈমাৰীৰ দৰে অপৰাধীকো জামিনত মুকলি কৰি দিছে৷ বি টি এ ডিত বহু ভয়াৱহ হিসাংত্মক ঘটনা ইয়াৰ পূর্বে সংঘটিত হৈ গৈছে৷ তাৰ পাছতো শান্তি চুক্তি কৰাত ইমান পলম কিয় হ’ল বুলি প্রশ্ণ কৰি শৰণীয়াই লগতে কয় যে ২০০৩ চনত বি টি এ ডি চুক্তি স্বাক্ষৰ হোৱাৰ পাছৰে পৰা তাৰ জনসাধাৰণে এই চুক্তিৰ পুনৰীক্ষণ বিচাৰি আহিছিল৷ কিন্তু পৰৱর্তী সময়ত বি টি এ ডিক ৯খন জিলালৈ সম্প্রসাৰণ কৰি ইউ টি চি গঠনৰ কথা প্রকাশ পালে৷ এতিয়া ৰাইজৰ প্রবল বিৰোধিতাৰ বাবে চৰকাৰ কিছু পিছুৱাবলৈ বাধ্য হৈছে৷ কিন্তু পুনৰ ভোটাৰ তালিকা সংশোধনৰ কথা ওলাইছে৷ ভোটাৰ তালিকা নতুনকৈ সংশোধনৰ প্রয়োজন নাই৷ কাৰণ ২০১৯ চনত নির্বাচন অনুষ্ঠিত হৈ গৈছেহে৷ ৰাইজক শান্তি–সম্প্রীতি বর্তাই ৰাখিবলৈ আহ্বান জনাই কোকৰাঝাৰৰ সাংসদগৰাকীয়ে কয়– ‘বি টি এ ডিৰ অবড়ো ৰাইজে এতিয়াৰ পৰা নতুন লক্ষ্য স্থিৰ কৰি লৈ আগবাঢ়িব লাগিব৷ চুক্তিৰ জৰিয়তে অবড়ো ৰাইজৰ কিমান কি কাঢ়ি নিয়া হ’ল, তাৰ হিচাপ–নিকাচ হ’ব৷ বি টি এ ডিত বসবাস কৰা অন্যান্য জনজাতি–জনগোষ্ঠীৰ লোকসকল হতাশ হোৱাৰ প্রয়োজন নাই৷ হতাশাই কাকো উদ্ধাৰ কৰিব নোৱাৰে৷ সকলোৱে নতুনকৈ সংকল্প ল’ব লাগিব৷ আনহাতে, ৰাজনৈতিক দল, জাতীয় সংগঠনসমূহেও নতুন চুক্তিৰ প্রসংগত নিজৰ স্থিতি স্পষ্ট কৰক৷ অসমীয়া ভাষাক ৰাজ্য ভাষাৰ মর্যাদাৰ পৰা তললৈ নমোৱাৰ ষড়যন্ত্র প্রতিহত কৰক৷ অন্যথা বিজেপিৰ বাবে বি টি এ ডিত এক ইঞ্চিও মাটি নাথাকিব৷’
নৱ কুমাৰ শৰণীয়াৰ আন এক গুৰুতৰ অভিযোগ– হাগ্রামা মহিলাৰীয়ে বিটিচি নির্বাচন পিছুওৱাৰ চেষ্টা কৰি আছে৷ তেওঁ এতিয়া প্রমোদ বড়ো, চাওৰাইগৌৰাৰ কান্ধত বন্দুক থৈ ৰাজনীতি কৰিছে৷ ছমাহৰ বাবে অন্তর্ৱর্তীকালীন চৰকাৰ গঠন কৰি আৰু কিছুদিনৰ বাবে শাসনত থাকিব বিচাৰিছে৷ যদি সঁচাকৈ হাগ্রামা মহিলাৰীয়ে শান্তি বিচাৰিছিল, তেনেহ’লে অবড়ো জনসাধাৰণৰ লগত কিয় কথা নাপাতিলে বুলিও তেওঁ প্রশ্ণ কৰে৷ ন্যায় নোপোৱাপর্যন্ত যুঁজি যোৱাৰ হুংকাৰ দি সাংসদগৰাকীয়ে লগতে কয় যে বি টি এ ডিৰ অবড়োসকলে আত্মবিশ্বাস অটুট ৰাখি আগবাঢ়িলেহে লক্ষ্যত উপনীত হ’ব পাৰিব৷ অবড়োসকলৰ অধিকাৰ, ন্যায্যপ্রাপ্তি বিচাৰি শীঘ্রে দিছপুৰলৈ লংমার্চ কার্যসূচী গ্রহণ কৰা হ’ব৷ ৰাইজৰ মাজত সজাগতা সৃষ্টি, অধিকাৰ প্রাপ্তিৰ বাবে আইনী যুঁজ আৰু বিকল্প ৰাজনৈতিক শক্তি গঢ়ি তোলাৰ জৰিয়তে পৰৱর্তী কার্যসূচী আগবঢ়াই নিয়া হ’ব৷ অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ বাবে জাতীয় সংগঠনসমূহক মাত মাতিবলৈ তেওঁ আহ্বান জনায়৷
আনহাতে, অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্রমে কয় যে এই চুক্তি কেতিয়াও মানি লোৱা নহ’ব৷ কাৰণ এটা মাত্র জনগোষ্ঠীক লৈ এই চুক্তি স্বাক্ষৰ কৰা হৈছে৷ অথচ বি টি এ ডিত বড়োৰ জনসংখ্যা মাত্র ২৪ শতাংশহে৷ চুক্তি স্বাক্ষৰ হ’লেও এয়া চূড়ান্ত বা কার্যকৰী কৰাৰ আগে আগে প্রত্যেক জনগোষ্ঠী–জনজাতিক সামৰি লৈ আলোচনা কৰিবলৈ তেওঁ দাবী জনায়৷ অবড়ো সুৰক্ষা সমিতিৰ নেতা ব্রজেন মহন্তই কয় যে আজিৰ দিনটো অসমবাসীৰ বাবে এটা ক’লা দিন৷ যিজন ৰঞ্জন দৈমাৰীক ন্যায়ালয়ে ঘাতক হিচাপে চিহ্ণিত কৰিছিল, তেওঁক চার্টার্ড ফ্লাইটেৰে দিল্লীলৈ নি ৰাজ আতিথ্য দিয়া হৈছে৷ প্রিয়া বসুমতাৰীক নৃশংসভাৱে গুলীয়াই হত্যা কৰা বি বিদাইৰ লগত চুক্তি স্বাক্ষৰ কৰিছে৷ একমাত্র ৰাজনৈতিক লাভৰ বাবে ঘাতকৰ দলক লগত ৰাখিব বিচাৰিছে বিজেপিয়ে৷ আজিৰ এই চুক্তিৰ জৰিয়তে আচলতে বন্দুকৰ জয়যাত্রা ঘোষণা কৰা হৈছে বুলি সংবাদ মেলত মহন্তই মন্তব্য কৰে৷ সংবাদ মেলত উপস্থিত থাকি কলিতা জনগোষ্ঠী ছাত্র সন্থায়ো শান্তি চুক্তিৰ বিৰোধিতা কৰে৷