মৰিগাঁৱত ১০১টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ ভৰ্তি জব্দ; গ্ৰেপ্তাৰ ১
নিয়মীয়া বাৰ্তা, ১৯জুনঃ মৰিগাঁও চহৰৰ মাজমজিয়াত আজি আৰক্ষীৰ এটা অভিযানকাৰী দলে সন্ধিয়াৰ ভাগত অভিযান চলাই ১০১টা কণ্টেনাৰ ভৰ্তি ড্ৰাগছ জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে, মৰিগাঁও জিলাৰ গৰৈমাৰীৰ পৰা জিয়াৰুল হক নামৰ এজন যুৱকে বৃহৎ সংখ্যক ড্ৰাগছসহ মৰিগাঁও চহৰত উপস্থিত হওঁতেই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত চহৰৰ মাজমজিয়াত লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ধৃত জিয়াৰুল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক আৰক্ষীয়ে আটক কৰে। মৰিগাঁও জিলাৰ গৰৈমাৰীৰ পৰা কেৰেলা লৈকে ধৃত যুৱকজনে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি নিবলৈ অনা বুলি জানিব পৰা গৈছে। মৰিগাঁও সদৰ আৰক্ষীয়ে ধৃত জিয়াৰুল হকক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত ৰাখিছে। উল্লেখ যে—মৰিগাঁৱত আৰক্ষীৰ গুলিয়েও ৰোধিব পৰা নাই ড্ৰাগছৰ অবাধ প্ৰচলন। মৰিগাঁও আৰক্ষীয়ে ধাৰাবাহিক ভাৱে অভিযান চলাই কোটি কোটি টকা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে বহু সৰবৰাহকাৰীক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। এই ড্ৰাগছৰ কবল পৰি বহু যুৱক ধংসৰ দিশলৈ গতি কৰিছে। আৰক্ষীৰ কঠোৰ অভিযানকো একাংশই কেৰেপ নকৰি অবাধে চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আজি পুনৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে এজনক আটক হোৱা ঘটনাই সমগ্ৰ চহৰখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে, জিলাখনৰ সীমামূৰীয়া অঞ্চল সমূহত একাংশ দুষ্ট চক্ৰই কাঠফুলাৰ দৰে অবাধে চলাই আহিছে ড্ৰাগছৰ দৰে মাৰাত্মক নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়।ড্ৰাগছকে ধৰি মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ অবৈধ ঘাটি সমূহক পুলিয়ে পখাই উৎখাত কৰিবলৈ জিলাবাসীয়ে মৰিগাঁও আৰক্ষীক আহ্বান জনাইছে।