নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ মঙলবাৰে পুৱা জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে অনুষ্ঠিত হোৱা ঐতিহাসিক বড়ো চুক্তি সন্দৰ্ভত কেইটামান দিশ পৰ্যালোচনাৰ বাবে এই সংবাদমেল সম্বোধন কৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
এই সংবাদমেলৰ প্ৰথমতেই মন্ত্ৰীগৰাকীয়ে নুমলীগড় তেল শোধনাগাৰৰ প্ৰসংগ উল্লেখ কৰি এনআৰএল ৰাজহুৱা খণ্ডৰ হাততে থাকিব বুলি কয় । প্ৰথম অৱস্থাত নুমলীগড় ৰিফাইনেৰীত অসম চৰকাৰৰ ২৬ শতাংশ শ্বেয়াৰ আছিল যদিও কংগ্ৰেছ চৰকাৰে ইয়াৰ ১২.৩ শতাংশলৈ কমাই আনি অৱশিষ্ট অংশীদাৰিত্ব বিচিপিএলক বিক্ৰী কৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । যদিহে ২৬ শতাংশ অংশীদাৰিত্ব থাকে তেন্তে সেই অংশীদাৰক নোসোধাকৈ নুমলীগড় ৰিফাইনেৰীৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে । শেহতীয়াকৈ নুমলীগড় শোধনাগাৰক ৰাজহুৱা খণ্ডৰ হাততে ৰখাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত চৰকাৰে । অসম চৰকাৰেও এইক্ষেত্ৰত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি পূৰ্বৰ ২৬ শতাংশ অংশীদাৰিত্ব ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনোৱাৰ লগতে ভাৰত চৰকাৰে বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । যদি নুমলীগড় শোধনাগাৰাৰ ২৬ শতাংশ শ্বেয়াৰ অসম চৰকাৰৰ হাতলৈ উভতাই আনিব লগা হয় তেন্তে তাৰ বাবে প্ৰয়োজন হ’ব ১৫০০ কোটি টকা । সেই সময়ত কংগ্ৰেছ চৰকাৰে ৩০০ কোটি টকাত বিক্ৰী কৰি দিয়া এই শ্বেয়াৰ এতিয়া ১৫০০ কোটি টকাত ক্ৰয় কৰিব লাগিব । বৰ্তমান ৩ মিলিয়ন মেট্ৰিকটনৰ শোধনক্ষমতা থকা নুমলীগড় শোধনাগাৰক ৯ মিলিয়ন মেট্ৰিকটনলৈ সম্প্ৰসাৰিত কৰাৰ এক বিশাল পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে । ৰাজ্য চৰকাৰে পৰৱৰ্তী বাজেটত নুমলীগড় শোধনাগাৰাৰ হেৰুৱা স্থিতি উভতাই আনিবৰ বাবে ১৫০০ কোটি টকাৰ ধাৰ্য কৰিব বুলিও সংবাদমেল প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।
ইফালে , কালি সম্পন্ন হৈ যোৱা ঐতিহাসিক বড়ো চুক্তিৰ সন্দৰ্ভত বড়ো আন্দোলনৰ ইতিহাস আৰু ইয়াৰ শান্তি সমাধানৰ কথাও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই । মুঠ ৪০০০ লোকে প্ৰাণ আহুতি দিয়া বড়ো আন্দোলনৰ পূৰ্বৰ চুক্তি সমূহত প্ৰতিটো পক্ষৰ বড়ো আন্দোলনকাৰীয়ে অংশগ্ৰহণ কৰা নাছিল যদিও কালি হৈ যোৱা এই শান্তি চুক্তিত প্ৰতিটো আন্দোলনকাৰীৰ পক্ষৰ অংশগ্ৰহণে বড়ো সমাজখনৰ সমৰ্থনকেই সূচাইছে বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰথমবাৰৰ বাবে বড়ো আন্দোলনকাৰীসকলে অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি বড়োলেণ্ডত শান্তি আৰু প্ৰগতিৰ বাবে এই শান্তি চুক্তি স্বাক্ষৰ কৰা হয় বুলি উল্লেখ কৰে । কিয়নো পূৰ্বৰ চুক্তিসমূহত অসমৰ ভৌগোলিক অখণ্ডতাৰ বাবে প্ৰত্যাহ্বান থিয় দিছিল যদিও শেহতীয়া এই চুক্তিয়ে অসমৰ অখণ্ডতা বৰ্তাই ৰাখি শান্তি-সম্প্ৰীতি ঘূৰাই আনিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এই সংবাদমেলতেই মন্ত্ৰীগৰাকীয়ে এনে এক উল্লেখনীয় কাৰ্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অসমৰ ৰাইজে সদায় সোঁৱৰণ কৰিব বুলিও কয় । লগতে এই শান্তি চুক্তিৰ পাচতেই সমূহ অসমবাসীৰ হৈ বড়ো আন্দোলনকাৰী সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰৰ পৰাই পৃথক বড়োলেণ্ড বা পৃথক ৰাজ্যৰ দাবী আনুষ্ঠানিকভাৱে সমাপ্তি ঘটে বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই ।
অহা ৩০ জানুৱাৰী তাৰিখে এনডিএফবিয়ে আনুষ্ঠানিকভাৱে নিজৰ অস্ত্ৰ সমৰ্পণ কৰিব । ওদালগুৰি অথবা গুৱাহাটীত অনুষ্ঠিত এখন সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমুখত চাৰিওটা এনডিএফবি গোটে অস্ত্ৰ সম্বৰণ কৰিব বুলি কয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই ঐতিহাসিক শান্তি চুক্তিৰ পাচতেই অহা ৭ ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অসম চৰকাৰে আমন্ত্ৰণ জনোৱাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আহি এই বড়ো চুক্তিক আশীৰ্বাদ দিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।