নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত অষ্টম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত

নিয়মীয়া বাৰ্তা, ২১ জুন: সমগ্ৰ বিশ্বৰ লগতে আজি চৰাইদেউ জিলাৰ চৰাইদেউ মৈদাম প্ৰাঙ্গন আৰু চলাপথাৰ বৌদ্ধ মঠ আৰু সাংস্কৃতিক কেন্দ্ৰ প্ৰাঙ্গনত পুৱা ৬ বজাৰ পৰা চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অষ্টম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয় আৰু অসম আয়ুস চছাইটিৰ তত্বাৱধানত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগ সমিতি, চৰাইদেউ জিলাৰ সহযোগত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাঙ্গনত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। যোগ দিৱসৰ যোগাসন কাৰ্যসূচীত সাংসদ তপন কুমাৰ গগৈৰ লগতে সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা অসম ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ পৰিষদৰ অধ্যক্ষ নৱনিতা সন্দিকৈ, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, সোণাৰিৰ ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্ত, সহকাৰী আয়ুক্ত দ্বয় জাহ্নৱী গোস্বামী আৰু সমুজ্জ্বল বড়াৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, স্থানীয় বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকল আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। আজিৰ যোগাসন কাৰ্যসূচীত যোগ প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে বুদ্ধেশ্বৰ বৰগোঁহাই, নিৰসিং বিশ্বকৰ্মা আৰু সংগীতা চুতীয়া তামূলীয়ে। দেশৰ ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ভাৰত চৰকাৰে এইবাৰ যোগ দিৱস ঐতিহাসিক স্থান সমূহত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অনুষ্ঠানৰ অন্তত সাংসদ তপন কুমাৰ গগৈৰ লগতে বিশিষ্ট অতিথিসকলে চৰাইদেউ জিলা পতঞ্জলি সমিতিৰ বাৰ্ষিক স্মৰণিকা “আত্মজ্যোতি”ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

প্ৰেৰক :- দীপাংকৰ পাল।

You might also like