নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটত মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰঃ মহানগৰীৰ ৰেডিচন ব্লুত মহাৰাষ্ট্ৰ চৰকাৰৰ ভৱিষ্যৎ!

? মহাৰাষ্ট্ৰৰ বিৰোধী মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত ৪০জন বিসম্বাদী বিধায়কৰ দল গুৱাহাটীত।

নিয়মীয়া বাৰ্তা, ২২ জুনঃ মহাৰাষ্ট্রৰ শিৱসেনা নেতৃত্বাধীন মহাবিকাশ আঘাড়ী (এমভিএ) চৰকাৰলৈ সংকট নামি আহিছে৷ মহাৰাষ্ট্ৰৰ বিৰোধী মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত ৪০জন বিসম্বাদী বিধায়কক লৈ গুৱাহাটীৰ ৰেডিশ্বন ব্লুত আৰম্ভ কৰিছে ৰাজনীতিৰ অংক। অহা তিনি দিনলৈ বিধায়ককসকলক ৰেডিশ্বন ব্লুত ৰখা হ’ব বুলি জানিব পৰা গৈছে।

ইপিনে, মঙলবাৰেই বিদ্রোহী মন্ত্রী তথা জ্যেষ্ঠ নেতা একনাথ সিন্দেক বিধায়িনী দলৰ গোটৰ পৰা অপসাৰণ কৰি মুখ্যমন্ত্রী থাক্ৰেই নতুন নেতাৰ নাম বিধানসভাৰ অধ্যক্ষৰ হাতত অর্পণ কৰিছে৷ শিৱসেনাৰ বিধায়কৰ মাজত বিদ্রোহ আৰম্ভ হোৱাৰ পাছতেই শাসকীয় চৰকাৰৰ লগত থকা এনচিপি আৰু কংগ্রেছৰ বিধায়কসকলক লৈ দুয়োটা দল বৈঠকত মিলিত হৈছে৷ ইপিনে, মুখ্যমন্ত্রী থাক্ৰেই দলৰ পৰা একনাথ সিন্দেক অপসাৰণ কৰাৰ পাছতেই বিদ্রোহী সিন্দেই তেওঁৰ টুইটাৰৰ পৰা শিৱসেনাৰ প্রতীক আঁতৰাইছে৷

ইফালে শিৱসেনাই নিজ দলৰ মাজত হোৱা বিদ্রোহ দমন কৰাৰ বাবে প্রয়াস চলাই থকাৰ মাজতে বিজেপিয়ে শিৱসেনাৰ বিধায়কসকলৰ সৈতে সম্পর্ক ৰক্ষা কৰি আছে৷

উল্লেখ্য যে মহাৰাষ্ট্রৰ ৰাজনৈতিক সংকটক লৈ বিজেপিয়ে অনাস্থা প্রস্তাৱ অনাৰ সম্ভাৱনা আছে৷ কিয়নো শিৱসেনাৰ বিদ্রোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত যদি ৩৭জন বিধায়কে নতুন দল গঠন কৰে, তেতিয়াহ’লে বিজেপিয়ে সমর্থন দিব আৰু বিধায়কৰ সংখ্যা হ’ব ১৫০৷ তেতিয়া এমভিএ চৰকাৰৰ পতন হ’ব৷ কিয়নো তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাথাকিব৷ তেনেদৰে অনাস্থা প্রস্তাৱত যদি শিৱসেনাৰ হুইপ নামানি সিন্দেৰ নেতৃত্বত এমভিএ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহী বিধায়কে ভোটদান কৰে, তেতিয়াহ’লে বিদ্রোহী বিধায়কক অযোগ্য ঘোষণা কৰা হ’ব৷ কিমানজন বিধায়ক অযোগ্য হ’ব তাৰ ওপৰত শিৱসেনা চৰকাৰৰ ভৱিষ্যৎ নির্ভৰ কৰিব৷

আনহাতে, সিন্দেক ৩৭জন বিধায়কৰ প্রয়োজন হ’ব৷ এই বিধায়কসকলে যদি পদত্যাগ কৰে তেতিয়াহ’লে বিধানসভাৰ সদস্যৰ সংখ্যা হ্রাস পাব আৰু শিৱসেনা চৰকাৰৰ ভৱিষ্যৎ এই সংখ্যাৰ ওপৰত নির্ভৰ কৰিব৷ আনপিনে, যদি বিজেপিৰ সমর্থনত একনাথ সিন্দে মুখ্যমন্ত্রী হ’ব বিচাৰে, তেতিয়াহ’লে ৩৭জন বিধায়ক অযোগ্য হ’ব নালাগিব৷ তেতিয়া হ’লে বিজেপিৰ সৈতে লগ লাগি সিন্দে মুখ্যমন্ত্রী হ’ব পাৰিব৷ যদি সিন্দেৰ বিদ্রোহ বিফল হয় আৰু সিন্দেৰ সমর্থনত থকা বিধায়ক শিৱসেনালৈ উভতি আহে, তেতিয়াহ’লে চৰকাৰখন বর্তি থাকিব৷ এই অস্থিৰ পৰিস্থিতিৰ মাজতে ৰাজ্যপালে কেন্দ্রলৈ ৰাষ্ট্রপতি শাসন বলৱতৰ বাবে প্রতিবেদন পঠিয়াব পাৰে আৰু কেন্দ্রই ৰাষ্ট্রপতি শাসন বলৱৎ কৰিব পাৰে৷

You might also like