বার্তা বুৰো,২৪ জুনঃ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি মৰিগাঁও আৰক্ষীয়ে প্ৰায় ৩৫ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ দাহন কৰে। মৰিগাঁও আৰক্ষীয়ে নিৰবিচ্ছিন্নভাবে চলোৱা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে বিভিন্ন অভিযানত জব্দ কৰা ড্ৰাগছ সমূহ আজি কটকটীয়া নিৰাপত্তা বেষ্টনীত মৰিগাঁও চহৰৰ হেকেনামৰা ইটা ভাটাৰ চিমনিত দাহন কৰে। মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ড্ৰাগছ বিৰোধী অভিযানত মৰিগাঁও আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা লগতে ১৮৮ টা গোচৰ পঞ্জীয়ন কৰিছিল। মৰিগাঁও আদালতত ইতিমধ্যে নিষ্পত্তি হোৱা গোচৰ সমূহৰ জব্দকৃত ড্ৰাগছ সমূহ আদালতৰ অনুমতি সাপেক্ষে আজি দাহন কৰা বুলি প্ৰকাশ কৰে। আনহাতে আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দাহন কৰা ড্ৰাগছ সমূহৰ ভিতৰত প্ৰায় ৩.৩ কিলোগ্ৰাম হেৰইন,১৫০ কিলোগ্ৰাম গাঞ্জা, এক হাজাৰ কফ চিৰাপ আৰু প্ৰায় পাঁচ হাজাৰ নিচাযুক্ত টেবলেট আছে। আনহাতে দাহন কৰা হেৰইন, গাঞ্জা আৰু নিচাযুক্ত টেবলেট সমূহৰ মূল্য প্ৰায় ৩৩.৫ কোটি টকাৰ বুলি প্ৰকাশ কৰিছে। ইপিনে দাহন কৰা ড্ৰাগছ ধোঁৱাৰ পৰা অঞ্চলটোত পৰিবেশ বিনষ্ট নহবৰ বাবে ইটা ভাতাৰ চিমনিৰ ভিতৰত ড্ৰাগছ সমূহ জ্বলোৱা ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰিছে মৰিগাঁও আৰক্ষীয়ে।উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁৱ ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা, উপ আৰক্ষী অধীক্ষক মৌসুমী দাস, মৰিগাঁৱ সদৰ থানাৰ পৰিদৰ্শক জ্যোতি প্ৰসাদ সন্দিকৈ।
প্ৰেৰক প্ৰাঞ্জল দাস