নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গালৱানত ভাৰতীয় সেনাৰ সৈতে ভয়ংকৰ আচৰণ চীনা সেনাৰঃ বেইজিঙৰ আগ্রাসী নীতিক কঠোৰ সমালোচনা অষ্ট্রেলিয়াৰ প্রতিৰক্ষা মন্ত্রী মার্লছৰ

বিশেষ বাৰ্তা, ২৪ জুনঃ এইবাৰ চীনৰ আগ্রাসী নীতিক কঠোৰ সমালোচনা কৰিছে অষ্ট্রেলিয়াই৷ ভাৰতীয় সেনাৰ সৈতে গালৱান উপত্যকাত চীনা সেনাই যি ব্যৱহাৰ কৰি আহিছে তাক ভয়ংকৰ বুলি অভিহিত কৰিছে অষ্ট্রেলিয়াৰ প্রতিৰক্ষা মন্ত্রী ৰিচার্ড মার্লছে৷ লক্ষণীয়ভাৱে ভাৰত আৰু অষ্ট্রেলিয়াৰ নিৰাপত্তাৰ ক্ষেত্রত আটাইতকৈ বৃহৎ সমস্যা চীন বুলিও অভিহিত কৰিছে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ বর্তমান ভাৰত ভ্রমণলৈ আহিছে অষ্ট্রেলিয়াৰ উপ–প্রধানমন্ত্রী তথা প্রতিৰক্ষা মন্ত্রী ৰিচার্ড মার্লছ৷ নতুন দিল্লীত সাংবাদিকৰ মুখামুখি হৈ অষ্ট্রেলিয়াৰ মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে সীমান্তৰ সমস্যা সমাধান কৰিবলৈ শক্তি প্রয়োগ কৰিছে চীনে৷ সেয়া বিশ্ববাসীৰ বাবে উদ্বেগৰ বিষয় বুলিও মন্তব্য কৰে মার্লছে৷ চীনে সমগ্র বিশ্বক নিয়ন্ত্রণ কৰিব বিচাৰে বুলি অভিযোগ কৰি ৰিচার্ডে কয় যে পূর্বে কেতিয়াও এনেদৰে আগ্রাসী নীতি গ্রহণ কৰা নাছিল বেইজিং প্রশাসনে৷ যোৱা ১০ বছৰৰ ভিতৰত চীনৰ বিদেশ নীতিৰ পৰিৱর্তন ঘটিছে৷ গতিকে বিভিন্ন ক্ষেত্রত চীনে আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ ইয়াৰ পাছতে গালৱান উপত্যকাৰ প্রসংগ টানি আনে ৰিচার্ডে৷ দক্ষিণ চীন সাগৰত যেনেদৰে বেইজিং প্রশাসনে আগ্রাসী নীতি গ্রহণ কৰিছে, সেইদৰে গালৱান উপত্যকাত ভাৰতীয় সেনাৰ বিৰুদ্ধে হিংস্র নীতি গ্রহণ কৰা হৈছে বুলিও মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷ এইক্ষেত্রত ভাৰতৰ সৈতে অষ্ট্রেলিয়াৰ সহমত আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে অষ্ট্রেলিয়াৰ মন্ত্রী ৰিচার্ডে৷ স্মর্তব্য যে অষ্ট্রেলিয়াৰ পূর্বে আমেৰিকাই গালৱান উপত্যকাত চীনৰ আগ্রাসন বৃদ্ধি পোৱা বুলি উদ্বেগ প্রকাশ কৰিছিল৷ আনকি এইক্ষেত্রত চীনৰ মোকাবিলা কৰিবলৈ বিভিন্ন ৰাষ্ট্রৰ ভাৰতক সহযোগিতাৰ প্রয়োজন বুলিও শীর্ষ মার্কিন সেনা বিষয়া এগৰাকীয়ে ঘোষণা কৰিছিল৷ শেহতীয়াকৈ দক্ষিণ চীন সাগৰত বেইজিঙৰ অৱস্থানক লৈ বৃদ্ধি পাইছে উত্তেজনা৷

You might also like