ৰাহুলৰ অস্ত্রোপচাৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ১জুলাইঃ ভাৰতীয় তাৰকা ক্রিকেটাৰ কে এল ৰাহুলৰ সফল অস্ত্রোপচাৰ সম্পন্ন হৈছে৷ ভাৰতীয় অ’পেনাৰগৰাকীয়ে চিকিৎসালয়ৰ পৰা নিজেই এই কথা সদৰী কৰিছে৷ আঘাতৰ বাবে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত খেলিব নোৱাৰিলে ৰাহুলে৷ ইয়াৰ পিছতে অস্ত্রোপচাৰৰ বাবে জার্মানীলৈ যায় তেওঁ৷ সফল অস্ত্রোপচাৰৰ পূর্বে দুসপ্তাহ কঠিন সময় অতিবাহিত কৰিছে বুলি ৰাহুলে জানিবলৈ দিয়ে৷ সামাজিক মাধ্যমত চিকিৎসালয়ৰ পৰা পোষ্ট কৰি ৰাহুলে লিখিছে– ‘অতি কঠিন দুসপ্তাহ অতিবাহিত কৰিলোঁ৷ ইয়াত সফল অস্ত্রোপচাৰ সম্পন্ন হৈছে৷ আশা কৰিছোঁ– শীঘ্রে সুস্থ হ’বলৈ সক্ষম হ’ম৷ মোৰ বাবে প্রার্থনা কৰা সকলোকে ধন্যবাদ জনাইছোঁ৷’
উল্লেখ্য যে এই মাহৰ আৰম্ভণিতে আঘাত পাইছিল ৰাহুলে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তেওঁক নেতৃত্বৰ ভাৰ দিয়াৰ কথা আছিল যদিও শেষ মুহূর্তত দলৰ পৰা বাদ পৰে৷ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দলতো তেওঁক ৰখা নহ’ল৷ আজিৰ পৰা আৰম্ভ হ’ব লগা টেষ্টত পোৱা নাযাব ৰোহিত শর্মাকো৷ যোৱা বছৰ ৰাহুল আৰু ৰোহিতেই অ’পেনিং কৰিছিল৷ সেই যুটি এইবাৰ ভংগ হৈছে৷ ফলত মেচখনত আজি শুভমন গিল আৰু শ্বেটেশ্বৰ পূজাৰাই অ’পেনিং কৰাৰ সম্ভাৱনা আছে৷