নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলক গগৈৰ চিত্র প্রদর্শনীঃ নিজৰ পেইণ্টিঙৰ প্ৰদৰ্শনী পাতি চিকিৎসাৰ ধন সংগ্ৰহৰ চেষ্টা প্ৰবীণ শিল্পীগৰাকীৰ

নিয়মীয়া বাৰ্তা, ২৩ জুলাই:  ৰাজ্যৰ সাংস্কৃতিক জগতলৈ চিত্রশিল্প, ছবি নির্মাণ আৰু কার্টুন শিল্পৰে বিশিষ্ট বৰঙণি আগবঢ়োৱা স্বনামধন্য শিল্পীসকলৰ ভিতৰত অন্যতম হৈছে পুলক গগৈ৷ কেইবাখনো অসমীয়া ছবি নির্মাণ কৰাৰ লগতে চিত্রশিল্পৰ ক্ষেত্রখনত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰা এইগৰাকী বিশিষ্ট চিত্রশিল্পী বর্তমান গুৰুতৰভাৱে অসুস্থ৷ কিডনীৰ জটিল ৰোগত আক্রান্ত চিত্রশিল্পীগৰাকীয়ে মাহিলি ঔষধৰ নামত বুজন পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয়৷ ৰজাঘৰীয়াৰ সুদৃষ্টি আকর্ষণ কৰিব নোৱাৰা চিত্রশিল্পীগৰাকীয়ে চিকিৎসা ব্যয়ৰ কিছু সকাহ বিচাৰি বিক্রী কৰিব বিচাৰিছে তেওঁৰ ৪৫খন নির্বাচিত চিত্র৷ ইয়াৰ বাবে ৰাজ্যিক কলা বীথিকাত যোৱা ১৮ জুলাইৰ পৰা ‘ৰং–ৰূপ–ৰেখা’ নামেৰে তেওঁৰ এখনি বিশেষ চিত্র প্রদর্শনী অনুষ্ঠিত কৰা হৈছে৷

সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত তথা গুৱাহাটী আর্টিষ্ট গীল্ড আৰু অসম ফাইন আটর্ছ এণ্ড ক্রাফ্টছ ছ’চাইটীৰ সহযোগত আয়োজন কৰা এই চিত্র প্রদর্শনীখনত জীৱনৰ বিভিন্ন সময়ত অংকন কৰা গগৈৰ ৪৫খন চিত্রশিল্প বিক্রীৰ বাবে ৰখা হৈছে৷ যাৰ মূল্য ১০ হাজাৰৰ পৰা ১ লাখ টকা পর্যন্ত নির্ধাৰণ কৰা হৈছে৷ অহা ২৪ জুলাইত অন্ত পৰিবলগীয়া এই চিত্র প্রদর্শনীখনত এতিয়ালৈ মাত্র তিনিখন ছবিহে বিক্রী হৈছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে বিশিষ্ট চিত্রশিল্পীগৰাকীৰ পত্নী ৰেণু গগৈয়ে সদৰী কৰা অনুসৰি পৰিয়ালটোৱে চিত্রশিল্পীগৰাকীৰ মাহিলি ঔষধ, বেজীৰ নামত প্রায় ৩২ হাজাৰ টকা ব্যয় কৰিবলগীয়া হয়৷ ঔষধৰ নামত এই বৃহৎ পৰিমাণৰ ধন মাহিলি খৰচ কৰিবলগীয়া হোৱাৰ বাবে আর্থিকভাৱে কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

বর্তমানলৈ কোনো চৰকাৰী সাহায্য লাভ নকৰা চিত্রশিল্পীগৰাকীৰ চিকিৎসা ব্যয় বহন কৰাৰ ক্ষেত্রত চিত্রশিল্পসমূহ বিক্রী কৰিবলৈ সক্ষম হ’লে কিছু সকাহ পাব বুলিও তেওঁ উল্লেখ কৰে৷ জানিব পৰা মতে এমাহ পূর্বে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ পৰামর্শ মতে পৰিয়ালে এখন আর্থিক অনুদানৰ প্রপত্র পূৰণ কৰি জমা দিছিল৷ অৱশ্যে এতিয়ালৈ এইক্ষেত্রত চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই চিত্রশিল্পীগৰাকীৰ পৰিয়ালে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পুলক গগৈয়ে খোজ, সেন্দূৰ, শ্রীমতী মহিমাময়ী, সূৰুয, ৰে’লৰ আলিৰ দুবৰি বনকে ধৰি কেইবাখনো ছবি পৰিচালনা কৰিছে৷ চলচ্চিত্র নির্মাতা হিচাপে পৰিচিত হ’লেও তেওঁ চিত্রশিল্পৰ জগতখনতহে অধিক গুৰুত্ব আৰোপ কৰিছিল আৰু নিজস্ব এক পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল৷ এগৰাকী সুদক্ষ কার্টুনিষ্ট হিচাপেও পুলক গগৈৰ আছে সুকীয়া পৰিচয়৷ এনেদৰে অসমৰ সাংস্কৃতিক জগতক বর্ণাঢ়্য বৰঙণিৰে চহকী কৰা শিল্পীগৰাকীৰ জীৱনৰ বিয়লি বেলাত চৰকাৰীভাৱে সাহায্য প্রদান নকৰাত সচেতন মহলে প্রতিক্রিয়া প্রকাশ কৰিছে৷ বিভিন্ন বঁটা–বাহন তথা ছবি নির্মাণকে ধৰি বিভিন্ন সাংস্কৃতিক কার্যসূচীৰ নামত প্রতি বছৰে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা সাংস্কৃতিক পৰিক্রমা বিভাগে বর্ষীয়ান চিত্রশিল্পীগৰাকীৰ চিকিৎসাৰ ব্যয়ৰ ক্ষেত্রত পৰিয়ালক সকাহ দিবলৈ কি ব্যৱস্থা গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব৷ সমান্তৰালভাৱে ২৪ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া চিত্র প্রদর্শনীখনলৈ আহি কলাপ্রেমীয়ে তেওঁৰ ছবি ক্রয় কৰি পৰিয়ালটোক সকাহ দিব বুলিও আশা কৰা হৈছে৷

You might also like