নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰল নিদর্শনঃ কেৰালাত ২৮ কোটি টকা মূল্যৰ তিমিৰ বমি আৰক্ষীক গতালে মাছমৰীয়াই

নিয়মীয়া বাৰ্তা, ২৪ জুলাই:  কেৰালাৰ উপকূল অঞ্চলত তিমি মাছৰ ২৮ কোটিটকীয়া মূল্যৰ বমি উদ্ধাৰ কৰি মাছমৰীয়াৰ এটা দলে উপকূলীয় আৰক্ষীক গতাই দিছে৷ তথ্য মতে, ৱিজিনজামৰ সমীপত এটা মাছমৰীয়াৰ দলে তিমি মাছৰ ২৮,৪০০ কেজি বমি উদ্ধাৰ কৰে৷ এই বমিখিনি প্রায় ২৮ কোটি টকা মূল্যৰ৷ মাছমৰীয়াৰ দলটোৱে এই বমিখিনি পিছত উদ্ধাৰ কৰি আনি উপকূল আৰক্ষীক গতাই দিয়াটো বিৰল নিদর্শন হিচাপে চর্চিত হৈছে৷ উল্লেখ্য যে তিমি মাছৰ বমি এমবাৰগ্রিছৰ দ্বাৰা সুগন্ধিকে ধৰি বিভিন্ন সামগ্রী উৎপাদনত ব্যৱহাৰ কৰা হয়৷ এই এমবাৰগ্রিছৰ প্রতিকিলোগ্রামৰ মূল্য ১ কোটি৷ ভাৰতত এই এমবাৰগ্রিছ বিক্রী কৰাটো নিষিদ্ধ৷ এমবাৰগ্রিছ হৈছে দুষ্প্রাপ্য তিমি মাছৰ শুক্রাণু৷

You might also like