নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো শান্তি চুক্তিৰ নামত অশান্তি অহাটো স্বাভাৱিক: তৰুণ গগৈ

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ বড়ো শান্তি চুক্তিৰ নামত ভৱিষ্যতে অশান্তি অহাটো স্বাভাৱিক ৷ চৰকাৰে বড়ো জাতিৰ নামত যিখন চুক্তি কৰিলে এইখন সম্পূর্ণ একপক্ষীয় ৷ বড়োসকলৰ আমি উন্নতি বিচাৰিছোঁ ৷ বড়োসকলৰ উপৰি বড়োলেণ্ডত থকা অনা–বড়ো সকলোৰে ক্ষেত্রতে উন্নতি সাধন হোৱাটো বিচাৰো – এনে মন্তব্য অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ ৷ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত নহিৰাত মঙলবাৰে উত্তৰ–পূব ছাত্রী সংগঠন নেগছাৰ উদ্যোগত পালন কৰা সংগঠনটোৰ ২৩ সংখ্যক প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে সাংবাদিকৰ আগত কয় – এইচুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে বড়োলেণ্ডত বসবাস কৰা অন্য জাতি–জনগোষ্ঠীসমূহ অভাৱ–অভিযোগৰ বুজ লোৱাৰ প্রয়োজন আছিল ৷ পাছে তেনে কার্যৰ পৰা বিৰত থকাটোৱে এই চুক্তিয়ে যে অঞ্চলটোলৈ ভৱিষ্যতে অশান্তি নমাই আনিব সেয়া স্বাভাৱিক ৷ বড়োসকলৰ স্বাস্থ্য, শিক্ষা, অর্থনৈতিক উন্নতি হোৱাটো বিচাৰোঁ ৷ ইয়াৰ লগতে তাত থকা অনা–বড়োসকলৰো চাকৰি, স্বাস্থ্য, শিক্ষা, ভূমি সমস্যা আদিৰ সমাধান হোৱাটো বিচাৰোঁ৷ কিন্তু এই বিষয়ে কোনো আলোচনা নকৰাকৈ এনেদৰে চুক্তি স্বাক্ষৰ কৰা কার্য দুর্ভাগ্যজনক ৷ বড়োলেণ্ডৰ পৰিসৰ ভৌগোলিকভাৱে বঢ়াই লৈ যোৱা বিষয়টোও চিন্তনীয় বুলি গগৈয়ে দোহাৰে ৷ বর্তমান ‘কা’বিৰোধী সংগ্রামখনক মষিমূৰ কৰাৰ কাৰণে এয়া এক পন্থা বুলিয়ো তেওঁ কয় ৷ বিজেপি চৰকাৰে অসমখনক সকলো ক্ষেত্রতে ভাগ–ভাগ কৰিবলৈ উঠি–পৰি লোৱা ঘটনা ৰাইজে ইতিমধ্যে বুজি উঠিছে বুলি সাংবাদিকৰ আগত তেওঁ ব্যক্ত কৰে ৷

প্রতিষ্ঠা দিৱসৰ সভাত প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে মহিলাসকলৰ অৱদানৰ কথা উল্লেখ কৰি অসমৰ দৌৰবিদ হিমা, আন্তঃৰাষ্টীয় খ্যাতিসম্পন্ন বোলছবি নির্মাতা ৰীমা দাসৰ প্রসংগ উনুকিয়ায় ৷ তেওঁ কয়– মহিলাসকলেই গাঁও আৰু চহৰৰ মাজত থকা পার্থক্য নোহোৱা কৰিব লাগিব৷ তেওঁ কয়– মহিলাৰ সমস্যা আঁতৰ কৰিব পাৰিলেহে সমাজখন আগুৱাই যাব ৷ ইয়াৰ বাবে মহিলাসকলক আগুৱাই নিয়াৰ ক্ষেত্রত উত্তৰ–পূব ছাত্রী সংগঠনৰ সভানেত্রী মুনমী দত্তই লোৱা প্রচেষ্টাৰ শলাগ লয় ৷ এই প্রতিষ্ঠা দিৱসৰ সভাত সমাজকর্মী কৃষ্ণকান্ত বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি অকল এখন ঘৰেই নহয়, দেশ ৰক্ষাৰ বাবেও মহিলাসকল আগবাঢ়ি যাব লাগিব বুলি কয় ৷ ইয়াৰ পূর্বে উত্তৰ–পূব ছাত্রী সংগঠন (নেগছা)ৰ সভানেত্রী মুনমী দত্তই আদৰণী ভাষণ দি ছোৱালী, মহিলাসকলক বৌদ্ধিক–আর্থিক–মানস্ আগুৱাই নিয়াৰ বাবে এই সংগঠনৰ প্রধান লক্ষ্য আৰু উদ্দেশ্য বুলি কয় ৷ আৰম্ভণিতে প্রতিষ্ঠা দিৱসৰ বন্তি প্রজ্বলন কৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৷ এই দিৱসৰ সৈতে সংগতি ৰাখি উপস্থিত ছোৱালী–মহিলাৰ মাজত বিভিন্ন খেল–ধেমালি, গীত–মাতৰ আয়োজন কৰা হয় ৷ দিৱসত উপস্থিত বিশিষ্ট লোকসকলক ফুলাম গামোচা, জাপি আদিৰে সম্বর্ধনা জনায় উদ্যোক্তাসকলে ৷

You might also like