নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত সুৰা পান কৰি গুজৰাটত ২৮জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ২৭জুলাই : বিষাক্ত সুৰা পান কৰি গুজৰাটত মৃত্যুমুখত পৰিছে ২৮গৰাকী লোক৷ ৰাজ্যখনৰ বোটেড জিলাত সংঘটিত হৈছে এই ঘটনা৷ জিলাখনত এতিয়ালৈকে ২০গৰাকীতকৈও অধিক লোকে প্রাণ হেৰুৱাইছে৷ ইফালে, ইয়াৰ সমীপৱর্তী আহমেদাবাদৰ ধন্দুকাত বিষাক্ত সুৰা পান কৰি মৃত্যুক সাবটিছে ৫গৰাকী লোকে৷ ভাবনগৰৰ বিভিন্ন চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে ৩০গৰাকী লোক৷ গুজৰাটৰ আৰক্ষীপ্রধান আশিস ভাটিয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি বিষাক্ত সুৰা বিক্রী তথা প্রস্তুত কৰাৰ অভিযোগত তিনিজন লোকক আটক কৰা হৈছে৷

লক্ষণীয় বিষয়টো হৈছে বিষাক্ত সুৰা পান কৰাৰ ফলত কালি পুৱাৰ ভাগত কেইবাগৰাকীও লোকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে৷ তাৰ পিছতেই এই ঘটনা পোহৰলৈ আহে৷ ইফালে, ভাবনগৰৰ আৰক্ষী বিষয়া অশোক কুমাৰ যাদৱে সংবাদ মাধ্যমক জনাইছে যে এই ঘটনাৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছে৷ তদন্ত গোটত গুজৰাট আৰক্ষীৰ সন্ত্রাস প্রতিৰোধী শাখা আৰু আহমেদাবাদ আৰক্ষীৰ অপৰাধ শাখাৰ কেইবাগৰাকীও বিষয়াক ৰখা হৈছে৷

You might also like