নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহি:ৰাষ্ট্ৰৰ ধনেৰে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত ‘জেহাদী’ মোস্তফা মুফতিক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৮ জুলাই: নিষিদ্ধ সংগঠন জেহাদীৰে সম্পৰ্ক ৰখাৰ অভিযোগত আজি মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মোস্তফা মহম্মদ মুফতি নামৰ এজন লোকক।মোস্তফা মহম্মদ মুফতি নামৰ লোকজনে সন্ত্ৰাসবাদী সংগঠন জেহাদীৰ ধনেৰে জিলাখনৰ মৈৰাবাৰী থানা এলেকাধীন চহৰীয়া গাৱৰ নামৰ ঠাই ডোখৰত জমিউল হুদা নামেৰে এখন ধৰ্মীয় মাদ্ৰাছা স্থাপন কৰি জেহাদীৰে সু সম্পৰ্ক ৰক্ষা কৰি গৈছিল।২০১৮ চনত প্ৰতিষ্ঠা লাভ কৰা মাদ্ৰাছাখন পৰিচালনাৰ বাবে বহি:ৰাষ্ট্ৰৰ পৰা মোস্তফা মহম্মদ মুফতিলৈ যোগান ধৰি থকা হৈছিল বৃহৎ পৰিমাণৰ ধন। ২০১৭ চনৰ পৰা ২০২০ চনলৈ মহম্মদ মুফতিয়ে লাভ কৰিছিল এই ধন।উত্তৰ প্ৰদেশত শিক্ষাগ্ৰহন কৰা মোস্তফা মহম্মদ মুফতিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ধৰ্মীয় শিক্ষা প্ৰদানৰ নামত ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত কৰাৰ অভিযোগ। ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ সংগঠিত কৰাৰ অভিযোগত মৈৰাবাৰী আৰক্ষীয়ে মোস্তফা মহম্মদ মুফতিৰ বিৰুদ্বে ১৫৬/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।আনকি চহৰীয়া গাৱৰ জমিউল হুদা নামৰ মাদ্ৰাছাখনৰ ছয়জন শিক্ষককো সোধাপোছাৰ বাবে মৈৰাবাৰী আৰক্ষীয়ে আটক কৰা বুলি জনা গৈছে।২০১৮ চনত এই মাদ্ৰাছাখনলৈ বহিঃৰাষ্ট্ৰৰ এজন দুৰ্ধৰ্ষ অপৰাধী আহি আত্মগোপন কৰি থকা বুলিও আৰক্ষী সূত্ৰত প্ৰকাশ। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like