নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ এগৰাকী শিক্ষাৰ্থীৰ মাৰ্কশ্বীটখন গধুৰ হোৱাটো যিমান জৰুৰী তাৰ সমানেই জৰুৰী ভাল মনৰ অধিকাৰী হোৱাটো, ভাল নাগৰিক হোৱাটো৷ এই মন্তব্য ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট কণ্ঠশিল্পী তৰালি শৰ্মাৰ৷ আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ নৱাগত আদৰণী সভা, দেওবৰীয়া বিদ্যালয় উদ্বোধন আৰু সম্বৰ্ধনা সভা উদ্বোধন কৰি তৰালি শৰ্মাই ধ্যানৰ ওপৰত গুৰুত্ব দি কয় যে পঢ়াশুনাৰ বাদেও যি কাম কৰি আমি ভাল পাওঁ যেনে বেলি উদয় হোৱাটো, মাৰ যোৱাটো, পূৰ্ণিমাৰ জোনটো, নিয়ৰত ভৰি তিওৱা, বতাহত বাউলী হৈ পৰা, বৰষুণ চুই চোৱা আদি বহু সৰু সৰু বিষয়ে ব্যস্ততাময় জীৱনত আমাক সুখী কৰিব পাৰে৷ নিজৰ ঠাইৰ প্ৰতি দায়বদ্ধ হৈ সৰলতাৰে জীৱন জাপন কৰাত প্ৰকৃত আনন্দ থাকে বুলি সংগীত শিল্পীগৰাকীয়ে ভাষণ প্ৰদান কৰাৰ লগতে স্বভাৱসুলভ কণ্ঠেৰে গান গাই সকলোকে আপ্লুত কৰে৷ আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকাৰ সভাপতিত্বত তথা একাডেমিৰ মূখ্য সচিব উৎপল মেধিয়ে আঁত ধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি কয় যে আনন্দৰাম বৰুৱা একাডেমিয়ে ২০০৪ চনৰ পৰা শিক্ষাৰ যি ধাৰাৰ সৃষ্টি কৰিলে সি কনফুচিয়াচৰ শিক্ষা সম্পৰ্কীয় বিখ্যাত বাণীটোক সাকাৰ কৰাৰ যেন এক উৎকৃষ্ট উদাহৰণত পৰিণত হৈছে৷ শিক্ষাৰ্থীসকলক তেওঁ বিভিন্ন অনুপ্ৰেৰণামূলক ভাষণেৰে আপ্লুত কৰি কয় যে মন আৰু শৰীৰ সুস্থ ৰাখি সংকল্পবদ্ধ হৈ মনপুতি পঢ়িলে যিকোনো বিষয়তে সফলতা অহাটো অনিবাৰ্য৷ তেওঁ এলবাৰ্ট আইনষ্টাইনৰ এষাৰ সাৰুৱা কথা “কালিৰ পৰা শিকক, আজিৰ বাবে জীয়াই থাকক আৰু কাইলৈৰ বাবে আশা কৰক” আওৰাই ছাত্ৰ ছাত্ৰীক এনেদৰে আগবাঢ়িলে জীৱন সুন্দৰ হবই বুলি মন্তব্য কৰে৷ শিক্ষানুষ্ঠানখনৰ একাংশ ছাত্ৰীৰ দ্বাৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত নৱাগত ছাত্ৰ-ছাত্ৰীৰ চিনাকি আৰু বিনোদন প্রকাশৰ পিছতে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি জনপ্ৰিয় কণ্ঠশিল্পী দিপলীনা ডেকাই কেবাটাও গীত পৰিৱেশন কৰি শিক্ষাৰ্থীক উদ্দেশ্যি দিয়া ভাষণত কয় যে তেওঁলোকে শিক্ষাৰ লগতে জ্ঞান অৰ্জন কৰিব লাগিব৷ আমি সকলো বিষয়তে নিখুত হবলৈ চেষ্টা কৰিব লাগিব আৰু জীৱনটো উপভোগ কৰিবলৈও জানিব লাগিব৷ আনহাতে বিশিষ্ট ক্ৰীড়া প্ৰশিক্ষক নিপন দাসে সভাত অংশগ্ৰহণ কৰি কয় যে আজিৰ পৃথিৱীত আমাক যিকোনো কামতে ততালিকে ফলাফল লাগে৷ কিন্তু এয়া হৈছে সকলোতকৈ ভয়ংকৰ চিন্তাধাৰা৷ ছাত্ৰ ছাত্ৰীসকলে এই চিন্তাৰ বিপৰীতে যদি সংস্কৃতৰ বিখ্যাত শ্লোকফাকি “কাক চেষ্টা বক ধ্যান, স্বান নিদ্ৰা তথৈব চ, অল্পাহার মধুর বচনং, ছাত্রানাং পঞ্চহী তপ” অনুধাৱন কৰে তেন্তে তেওঁলোকৰ বিজয় এশ শতাংশই নিশ্চিত বুলি মন্তব্য কৰে৷ অনুষ্ঠানত সংগীত নাটক অকাডেমি বটাঁ প্ৰাপক বিশিষ্ট নৃত্য শিল্পী ৰামকৃষ্ণ তালুকদাৰ, সাহিত্যিক পেঞ্চনাৰ তথা বিশিষ্ট কলা শিল্পী লক্ষ্মী দাস, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা বিশিষ্ট নাট্যকৰ্মী পাপৰি মেধি আদিয়ে বিভিন্ন সাৰুৱা ভাষণেৰে সকলোকে মোহাছন্ন কৰি ৰখাৰ লগতে অনুপ্ৰেৰণা যেগায়৷ আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নন্দিতা বৰ্মণৰ উপস্থিতিত অভ্যাগতসকলক চেলেংচাদৰ, গামোছা, প্ৰতীকপট, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাোৱা হয়৷ উল্লেখ্য যে আনন্দৰাম বৰুৱা একাডেমিৰ নৱতম সংযোজন হিচাপে দেওবৰীয়া বিদ্যালয়খন আজি উদ্বোধন কৰা হয়৷ ৰামকৃষ্ণ তালুকদাৰ, তৰালী শৰ্মা, দীপক শৰ্মা, নিপন দাস, লক্ষ্মী দাস আৰু পাপৰি মেধিয়ে মূখ্য প্ৰশিক্ষক হিচাপে থাকিবলগীয়া দেওবৰীয়া বিদ্যালয়খনত সংগীত, নৃত্য, ক্ৰীড়া, চিত্ৰকলা, ভাস্কৰ্য, অভিনয় আৰু আবৃত্তিৰ ওপৰত শিক্ষা প্ৰদান কৰা হব৷ ইপিনে আজিৰ একেটা অনুষ্ঠানতে আনন্দৰাম বৰুৱা একাডেমিৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্থান প্ৰাপ্ত আৰু বিভিন্ন বিষয়ত সৰ্বোচ্ছ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ লগতে আন শিক্ষানুষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰি এইখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলকো গামোছা, মানপত্ৰ আৰু প্ৰতীকপটেৰে সম্বৰ্ধনা জনোৱা হয়৷
প্ৰেৰক কল্যাণ কলিতা