নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ দিচাং নৈত যুৱকৰ মৃতদেহ উদ্ধাৰ : হত্যাৰ অভিযোগ পৰিয়ালৰ : তিনিজনক আটক

বিশেষ বাৰ্তা, ২৯ জুলাইঃ নাহৰকটীয়া থানাৰ অন্তৰ্গত বৰবাম অঞ্চলৰ দিচাং নৈত আজি পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।উদ্ধাৰ হোৱা মৃতদেহটো নাহৰকটীয়া নিগাম গাওঁঁৰ বিনোদ বৰা আৰু বন্তি বৰাৰ পুত্ৰ নিকু বৰা (২২) বুলি জানিব পৰা গৈছে।প্ৰাপ্ত তথ্য মতে নাহৰকটীয়া দীঘলা পথাৰ গাওঁ লিকুলাজ সোনোৱাল (২২) ওৰফে পিটৌ নামৰ যুৱকজনে আন দুই বন্ধু ক্ৰমে দীঘলা পথাৰ গাওঁৰ দিগন্ত সোনোৱাল (২৩) আৰু ২ নং বালিজান গাওঁৰ নবীন থাপাৰ সৈতে নিগাম গাঁওৰ যুৱক তথা আন জন বন্ধু নিকু বৰাক পথাৰত কঠিয়া কঢ়িয়াবলৈ কালি দুপৰীয়া প্ৰায় ১ বজাত মাতি নিছিল।পিছে চাৰিও যুৱকে বৰবামৰ পথাৰত কঠিয়াই কঢ়িয়াই থকাৰ সময়তে কিছু সংখ্যক কঠিয়া কৃষি পথাৰৰ গাতে লাগি থকা দিচাং নৈত উটি যায়।নৈত উটি যোৱা উক্ত কঠিয়াৰ মুঠি সমূহ নদীৰ পৰা উঠাবলৈ যাওতেই নিকু বৰা নামৰ যুৱকজন নদীত ডুব যায়।পিছত ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় SDRFৰ দল সহযোগত উদ্ধাৰ অভিযান চলাই যদিও নিখোজ হোৱা যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহল।ইফালে আজি পুৱা বৰবাম অঞ্চলৰ দিচাং নৈত যুৱকজনৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।ইফালে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।বিয়লি ৪ বজাত সংঘটিত হোৱা ঘটনাৰ খবৰ পৰিয়াৰ লোকে নিশা প্ৰায় ৭.৩০ বজাত লাভ কৰে বুলি উল্লেখ কৰে। কঠিয়া কঢ়িয়াবলৈ যোৱা কৃষি পথাৰৰ গৰাকী তথা পিটৌ নামৰ যুৱকজনৰ মামীয়েকে পৰিয়ালৰ লোকক খবৰ দিয়াৰ বিপৰীতে নিজে বাচিবলৈ আৰক্ষীৰ কাষ চপা বুলি উল্লেখ কৰি অতি পৰিকল্পিত ভাবে নিকুক ঘৰৰ পৰা মাতি নি হত্যা কৰে বুলি পৰিয়ালৰ লোকে দাবী কৰিছে।ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লিকুলাজ সোনোৱাল ওৰফে পিটৌ,দিগন্ত সোনোৱাল আৰু নবীন থাপাক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like