নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতালৈ বৰহোলাবাসীৰ অভিনন্দন

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতালৈ অসমৰ এটা অগ্রণী সাহিত্য–সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীয়ে ‘বিৰিণা সংবাদ প্রহৰী বঁটা–২০২০’ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এই বঁটা লাভ কৰাত তিতাবৰ মহকুমাৰ বৃহত্তৰ বৰহোলা, নগাবাট, বেকাজান অঞ্চলৰ লোক আৰু বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে সংবাদ মাধ্যমৰ যোগেৰে অভিনন্দন জনাইছে ৷ বৰহোলা সাংবাদিক সন্থাৰ সভাপতি মণ্টুছ কোঁৱৰ আৰু সম্পাদক অজয় শইকীয়াই এক বিবৃতি যোগে জনায় যে জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাৰ সম্পাদনাত প্রকাশিত ‘নিয়মীয়া বার্তা’ কাকতখনে শেষতীয়াকৈ তিতাবৰ মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী বৰহোলা, নগাবাট, বেকাজান, শিলডুবি আদি অঞ্চলতো বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ কাকতখনৰ নির্ভীকতাই অঞ্চলটোলৈ বহু ইতিবাচক বার্তা কঢ়িয়াই আনিছে ৷ জ্যেষ্ঠ সাংবাদিকগৰাকীলৈ আগবঢ়োৱা এই সন্মানে আজি বৃহত্তৰ অঞ্চলটোকে গৌৰৱান্বিত কৰিছে ৷ ইফালে, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সমিতিৰ প্রাক্তন সভাপতি তথা বৰহোলা মহাবিদ্যালয়ৰ প্রবক্তা অমল সোণোৱাল, মঞ্চৰ যোৰহাট জিলা সমিতিৰ সভাপতি বিজয় হাজৰিকা, শিশু সাহিত্যিক তিলো সোণোৱাল, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তথা যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি মহেন্দ্র নাথ হাজৰিকা, আটছাৰ কেন্দ্রীয় সমিতিৰ প্রাক্তন সাধাৰণ সম্পাদক তথা বাগৰদিয়াৰ বিশিষ্ট সমাজকর্মী প্রবীণ কুর্মী, তিতাবৰ মহকুমা চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক গৌৰৱজ্যোতি নেওগকে প্রমুখ্য কৰি বৰহোলা অঞ্চলৰ ভালেকেইজন শিক্ষক, জ্যেষ্ঠ নাগৰিক, সমাজসেৱীয়ে জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতালৈ অভিনন্দন আৰু শুভেচ্ছা জনায় ৷ আগন্তুক দিনবোৰতো কাকতখনে বৰহোলা অঞ্চলটোৰ লগতে অসমৰ প্রতিটো প্রান্তৰ ৰাইজৰ হকে গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি আশা প্রকাশ কৰিছে বৰহোলাবাসীয়ে ৷

You might also like