দন্ত চিকিৎসা মহাবিদ্যালয়ত ২৪ পদ; অন্তিম দিন ১৪ ফেব্রুৱাৰী
উত্তৰ–পূব ভাৰত তথা অসমৰ প্রথম আৰু একমাত্র দন্ত চিকিৎসা মহাবিদ্যালয় আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত খালী হৈছে ২৪টা পদ৷ এই বিষয়ে ইতিমধ্যে অধ্যক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– আর্টিষ্ট (১), লাইব্রেৰী এছিছটেণ্ট (১), একাউণ্টেণ্ট (১), একাউণ্টছ এছিছটেণ্ট (১), লেবৰেটৰী টেকনিচিয়ান (২), ডেণ্টেল মেকানিক (৫), হোষ্টেল ছার্ভেণ্ট (১), গ্রেড–৪ (১), হোষ্টেল কুক (৩), লেবৰেটৰী বয় (৪), চকীদাৰ (৩) আৰু পিয়ন (১)৷ আর্টিষ্টৰ পৰা একাউণ্টছ এছিছটেণ্ট পদৰ প্রার্থী সংশ্লিষ্ট খণ্ডত স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷
দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০/৭,৪০০ টকাৰ গ্রেড পে৷ লেবৰেটৰী টেকনিচিয়ান আৰু ডেণ্টেল মেকানিক পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু সংশ্লিষ্ট বিষয়ত ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০/৮,৭০০ টকাৰ গ্রেড পে৷ শেষত হোষ্টেল ছার্ভেণ্টৰ পৰা পিয়ন পদৰ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.dme.assam.gov.in লগ–ইন কৰিব পাৰে৷
আবেদন গ্রহণৰ অন্তিম দিন ১৪ ফেব্রুৱাৰী ২০২০৷