নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দূৰসংযোগ বিভাগত ১০১ চাকৰি; অন্তিম দিন ২ মার্চ

ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্রালয়ৰ অধীনস্থ দূৰসংযোগ বিভাগত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ এই বিষয়ে বিভাগীয় সঞ্চালকে ডিএভিপিৰ জৰিয়তে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি জুনিয়ৰ টেলিকম অফিচাৰৰ ১১টা আৰু ছাব ডিভিজনেল ইঞ্জিনীয়াৰৰ ৯০টা পদত প্রার্থী নিয়োগ কৰা হ’ব৷ আবেদনকাৰী ইঞ্জিনীয়াৰিং/টেকন’লজী/ইলেক্ট্রিকেল/ ইলেক্ট্রনিক্স/ ইলেক্ট্রিকেল কমিউনিকেচন/কম্পিউটাৰ ছায়েঞ্চ বিষয়ত স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ বয়স সর্বোচ্চ ৫৬ বছৰ৷ ছাব ডিভিজনেল ইঞ্জিনীয়াৰ পদৰ প্রার্থীয়ে মাহে ৪৭,৬০০–১,৫১,১০০ টকা আৰু জুনিয়ৰ টেলিকম অফিচাৰ পদৰ প্রার্থীয়ে ৪৪,৯০০–১,৪২,৪০০ টকা লাভ কৰিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে নির্ধাৰিত আবেদন প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://dot.gov.in চাব পাৰে৷ আবেদন প্রেৰণৰ ঠিকনা–Director (Admin & West), O/o The Director General Telecom HQ, 9th Floor, Sanchar Bhawan, New Delhi-110001৷

আবেদন গ্রহণৰ অন্তিম দিন ২ মার্চ, ২০২০৷

You might also like