নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড় দন্ত চিকিৎসা মহাবিদ্যালয়ত ৫০ পদ; অন্তিম দিন ১৪ ফেব্রুৱাৰী

ডিব্রুগড়ৰ গ্রেহেন বজাৰস্থিত ভাৰতীয় দন্ত্য পৰিষদৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত আৰু শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পৰিচালিত ডিব্রুগড় চৰকাৰী দন্ত্য চিকিৎসা মহাবিদ্যালয়ত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– লেবৰেট’ৰী টেকনিচিয়ান ৩টা, দেন্তেল মেকানিক ৬টা, দেন্তেল হাইজেনিষ্ট ২টা, চেয়াৰ ছাইড এছিছটেণ্ট ৬টা, ৰেডি’গ্রাফাৰ ২টা, ষ্টাফ নার্ছ ৩টা, ইলেক্ট্রিচিয়ান ১টা, নার্ছিং এটেনডেণ্ট ৬টা, হস্পিটেল এটেনডেণ্ট ৬টা, চকীদাৰ ৬টা, জুনিয়ৰ এডমিনিষ্ট্রেটিভ এছিছটেণ্ট কাম কম্পিউটাৰ অ’পাৰেটৰ ২টা, লাইব্রেৰী এছিছটেণ্ট/এছিছটেণ্ট লাইব্রেৰিয়ান ১টা, কম্পিউটাৰ প্র’গ্রেমাৰ ১টা, ৰিচিপছনিষ্ট ২টা, ড্রাইভাৰ ২টা আৰু একাউণ্টেণ্ট ১টা৷ লেবৰেট’ৰী টেকনিচিয়ান পদৰ পৰা ইলেক্ট্রিচিয়ান পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০/৮,৭০০/৭,৪০০/৫,৬০০/৬,২০০/৬,৮০০/৬,২০০ টকাৰ গ্রেড পে৷ নার্ছিং এটেনডেণ্ট পদৰ পৰা চকীদাৰ পদলৈ দৰমহাৰ নিৰিখ ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে৷ আনহাতে, জুনিয়ৰ এডমিনিষ্ট্রেটিভ পদৰ পৰা একাউণ্টেণ্ট পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০/৫,৬০০/৬,২০০/৫,৬০০/৫,০০০/৭,৪০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতাকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.dme.assam.gov.in লগ–ইন কৰিব পাৰে৷

আবেদন দাখিল প্রক্রিয়া ৩০ জানুৱাৰীৰ পৰা ১৪ ফেব্রুৱাৰীলৈ অব্যাহত থাকিব৷

You might also like