নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাখীৰ বিক্ৰী কৰি পুত্ৰ দীপক পুনিয়াক মল্লযুঁজাৰু কৰিলে পিতৃয়ে…

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ইংলেণ্ডৰ বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। হাৰিয়ানাৰ ঝজ্জাৰ জিলাৰ খেলুৱৈ দীপক পুণিয়াই কমনৱেলথ গেমছত ৮৬ কেজি শাখাত মল্লযুঁজত সোণৰ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে। এই মল্লযুঁজত পাকিস্তানৰ মল্লযুঁজাৰু মহম্মদ ইনামক পৰাস্ত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে দীপক পুনিয়াই।

হাৰিয়ানাৰ ঝাজ্জাৰ জিলাৰ ছাৰা গাঁৱৰ বাসিন্দা দীপক পুনিয়া। দীপকৰ পিতৃ সুভাষ এজন সাধাৰণ খেতিয়ক। খেতিৰ লগতে গাখীৰ বিক্ৰী কৰি পুত্ৰক আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰু কৰি তুলিছে। দীপকৰ পিতৃ সুভাষ পুণিয়াই জনোৱা মতে, তেওঁৰ পুত্ৰই ৫ বছৰ বয়সৰ পৰাই মল্লযুঁজৰ খেলপথাৰলৈ যাবলৈ আৰম্ভ কৰিছিল। এতিয়াও তেওঁ দিনটোত চাৰি-পাঁচ ঘণ্টা তাত কটায়। দীপকে ঘৰতে ৰন্ধা খাদ্য ভাল পায়। বহু আগতেই দীপকৰ মাকৰ মৃত্যু হৈছিল।

দীপক পুণিয়াৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ পাছতে
তেওঁলোকৰ গাঁৱৰ গাওঁবাসীয়েও দীপকৰ পিতৃৰ কঠোৰ পৰিশ্ৰম আৰু তপস্যাৰ বাবে প্ৰশংসা কৰিছে। দীপকৰ পিতৃয়ে কয় যে চৰকাৰে গ্ৰাম্য পৰিৱেশত খেলুৱৈসকলক উৎসাহ দিবলৈ ইনড’ৰ ষ্টেডিয়াম আৰু প্ৰশিক্ষকৰ ব্যৱস্থা কৰিব লাগে। যাতে গ্ৰামাঞ্চলৰ পৰা আৰু ভাল খেলুৱৈ ওলাই আহিব পাৰে।

You might also like