Legends League Cricket: পুনৰ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব ল’ব সৌৰভ গাংগুলীয়ে!
নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: লিজেণ্ডছ লীগ ক্ৰিকেটৰ (Legends League Cricket) দ্বিতীয় ছিজন আৰম্ভ হ’বলৈ ওলাইছে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব এই লীগ। এই ৰোমাঞ্চকৰ ক্ৰিকেট লীগৰ প্ৰথমখন মেচ হ’ব অতি বিশেষ। ভাৰতৰ ঐতিহাসিক ষ্টেডিয়াম কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই লীগৰ প্ৰথমখন মেচ। বিশেষ কথাটো হ’ল এইখন মেচত ভাৰতীয় দলৰ অধিনায়ক হ’ব সৌৰভ গাংগুলী। লিজেণ্ডছ ক্ৰিকেট লীগৰ এই খেলখনো হ’ব স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ অংশ। এই লীগত ভাৰতীয় দলটোক ইণ্ডিয়া মহাৰাজা হিচাপে নাম ৰখাৰ বিপৰীতে বিশ্বৰ দলটোক ‘ৱৰ্ল্ড জায়েন্টছ’ হিচাপে নাম ৰখা হৈছে।
ইপিনে দীৰ্ঘদিনৰ পিছত ভাৰতীয় দলৰ বাঘজৰী ল’ব বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে। লিজেণ্ডছ ক্ৰিকেট লীগত বিশ্ব দলটোত পৰা ১০খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, নিউজিলেণ্ড, জিম্বাবুৱে, বাংলাদেশ, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড আৰু আফগানিস্তান। মন কৰিবলগীয়া যে ভাৰতৰ ৬খন চহৰত ২২ দিনৰ ভিতৰত মুঠ ১৫খন খেল অনুষ্ঠিত হ’ব।
Once a legend, always a legend! Welcoming #Dada aka The Maharaja aka The Prince of Calcutta @SGanguly99 to @llct20 to lead a special mission for a landmark event. #LegendsLeagueCricket #LLCT20 #BossLogonKaGame #Season2 #BossGame #SouravGanguly #India pic.twitter.com/faAjFyhW6D
— Legends League Cricket (@llct20) July 30, 2022