নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুৰাণ্ড কাপঃ সৰুসজাইত আজি নর্থ–ইষ্ট ইউনাইটেড বনাম ওড়িশা এফচি

বিশেষ বাৰ্তা, ১৭ আগষ্টঃ ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অনুষ্ঠিত ১৩১সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাখন কালিৰে পৰা কলকাতাত আৰম্ভ হৈছে৷ অসমৰ ক্রীড়াপ্রেমীৰ বাবে সুখবৰ এয়ে যে এছিয়া মহাদেশৰ প্রথমখন তথা বিশ্বৰ তৃতীয় প্রাচীন ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ মেচ এইবাৰ গুৱাহাটীতো অনুষ্ঠিত হ’ব৷ আজিৰ পৰা চাৰি ছেপ্টেম্বৰলৈ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ইন্দিৰা গান্ধী এথলেটিক্ছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্রতিযোগিতাখনৰ গ্রুপ ডিৰ মুঠ ১০খন মেচ৷ গুৱাহাটীত আজি হ’বলগীয়া প্রথমখন মেচত ঘৰুৱা দল নর্থ–ইষ্ট ইউনাইটেড এফ চি ওড়িশা এফ চিৰ মুখামুখি হ’ব৷ আবেলি ৫.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন৷ মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনাৰ পিছত গুৱাহাটীলৈ প্রথমবাৰৰ বাবে ৰাষ্ট্রীয় ফুটবলে আকৌ এবাৰ প্রত্যাৱর্তন কৰিছে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপৰ জৰিয়তে৷ ১৮৮৮ চনৰ পৰা ভাৰতীয় সেনাই আয়োজন কৰি অহা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাখন প্রথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ক্রীড়াপ্রেমীৰ মাজত ইতিবাচক চর্চা–আনন্দ আৰম্ভ হৈছে৷ ইপিনে, ইন্দিৰা গান্ধী এথলেটিক্ছ ষ্টেডিয়ামত আজি আবেলি ৪.৩০ বজাত হ’ব লগা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ আনহাতে, ভাৰতীয় সেনা, অসম আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকলো উপস্থিত থাকিব৷ এঘণ্টাৰ উদ্বোধনী অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু মণিপুৰৰ ৰাৱবেন মাছাংভায়ে নিজৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব৷ লগত থাকিব বহু শিল্পী, নর্থ–ইষ্ট ৱাৰিয়র্ছৰ অনুষ্ঠান তথা আর্মীৰ বেণ্ড৷ উল্লেখ্য যে ২০টা ক্লাবে অংশগ্রহণ কৰিবলগীয়া প্রতিযোগিতাখনৰ গুৱাহাটীত খেলিব লগা গ্রুপ ডিৰ ৫টা দল হ’ল– নর্থ–ইষ্ট ইউনাইটেড, ওড়িশা এফ চি, ছুডেবা দিল্লী এফ চি, কেৰালা ব্লাষ্টার্ছ এফ চি আৰু আর্মী গ্রীন৷ ইপিনে প্রতিযোগিতাখনৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনৰ ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী মেচখনত মহমেদান স্প’র্টিং ক্লাবে এফচি গোৱাক ৩–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চমকপ্রদ আৰম্ভণি কৰিছে৷

You might also like