ঘাহিগাঁও আৰক্ষী চকীৰ অভিযানত নম্বৰ প্লেট বিহীন নেন’ গাড়ীৰ পৰা অৰুণাচলী সুৰা জব্দ
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ অৰুণাচলী সুৰা ব্যৱসায়ী আৰু সুৰা সৰবৰাহকাৰীৰ বিৰূদ্ধে কঠোৰ হৈছে গহপুৰ আৰক্ষী।গহপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছে ইজনৰ পিছত সিজন অৰুণাচলী সুৰা ব্যৱসায়ী।এইক্ষেত্ৰত গহপুৰ আৰক্ষী ইমানেই কঠোৰ হৈছে যে এবটল অৰুণাচলী সুৰা পালেও জেললৈ প্ৰেৰণ কৰিছে অৰুণাচলী সুৰা ব্যৱসায়ী কিম্বা সুৰা সৰবৰাহকাৰীক। গহপুৰ আৰক্ষী থানাৰ অধীনস্থ ঘাঁহিগাঁও আৰক্ষী চকীৰ আই চি দেবেন্দ্ৰ মুচাহাৰী নেতৃত্বাধীন আৰক্ষীৰ অভিযানত কালি ডফলাগড়ৰ চেণ্টাৰত ৰখাই থোৱা নম্বৰ প্লেট বিহীন নেন’ গাড়ীৰ পৰা প্ৰায় ২৫ হাজাৰ টকাৰ মূল্যৰ অবৈধ অৰুনাচলী মদ জব্দ কৰিবলৈ সসক্ষম হয় যদিও এতিয়ালৈকে কোনো ব্যক্তিক আটক কৰিব পৰা নাই । উল্লেখ্য যে, ঘাহিগাঁও আৰক্ষীয়ে যোৱা ১০ জুলাইত অৰুণাচল বালিজানৰ পৰা অৰুণাচলী সুৰা কঢ়িয়াই আনি থকা অৱস্থাত ৫ অৰুণাচলী সুৰা সৰবৰাহকাৰীক আটক কৰি বিশ্বনাথ জেল-হাজোতলৈ প্ৰেৰণ কৰিছিল ।