নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত মহাসাগৰত নৌ সেনাৰ ঘাটি স্থাপন কৰিছে চীনে

নিয়মীয়া বাৰ্তা,২০ আগষ্ট: পূব লাডাখ, ডোকলাম, অৰুণাচল প্রদেশৰ পিছত এইবাৰ ভাৰত মহাসাগৰত চীনৰ নৌ বাহিনীৰ তৎপৰতা ধৰা পৰিছে উপগ্রহ চিত্রত৷ কালি মাক্সাৰ প্রকাশিত এই উপগ্রহচিত্র নিৰাপত্তা দিশৰ পৰা ভাৰতৰ বাবে উদ্বেগজনক বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ প্রতিৰক্ষা বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰিছে যে নতুন দিল্লীক টার্গেট হিচাপে ল’বলৈ বেইজিং প্রশাসনে ভাৰত মহাসাগৰত এই তৎপৰতা আৰম্ভ কৰিছে৷ স্মর্তব্য যে চীনৰ পিপল্ছ লিবাৰেচন আর্মী (পিএলএ)ৰ তৰফৰ পৰা বিভিন্ন সময়ত ভাৰতক চাপত ৰখাৰ বাবে এনে পদক্ষেপবোৰ গ্রহণ কৰি অহা হৈছে৷ ভাৰত মহাসাগৰীয় অঞ্চল জিবুটিত এই নৌ ঘাটি স্থাপন কৰিছে বেইজিং প্রশাসনে৷

সামৰিক কৌশলগত দিশৰ পৰাও জিবুটিৰ এই নৌ ঘাটিৰ অৱস্থান অতি গুৰুত্বপূর্ণ৷ এডেন উপসাগৰৰ পৰা লোহিত সাগৰ হৈ ছুৱেজখালমুখী বাব–এল–মান্দেব প্রণালীত অৱস্থিত এই নৌ ঘাটিৰ পৰা আফ্রিকা আৰু এছিয়াৰ বিস্তীর্ণ অংশত উপস্থিতি জনাই দিয়াৰ বাবে জিবুটিৰ নৌ ঘাটি ব্যৱহাৰ কৰিব পাৰিব চীনা নৌ সেনাই৷ ভাৰত মহাসাগৰৰ উপৰি আৰব সাগৰৰ জলসীমাত প্রৱেশ কৰি চাপত পেলাব পাৰে নতুন দিল্লীক৷ উপগ্রহচিত্রক দেখাৰ পিছতে সামৰিক বিশেষজ্ঞসকলৰ একাংশই উল্লেখ কৰিছে যে ফ্রিগেট, কর্ভেট জাতীয় ৰণতৰী তথা এমফিবিয়ান লেণ্ডিং ভেহিকলছ ব্যৱহাৰৰ ব্যৱস্থা আছে এই নৌ ঘাটিত৷ অর্থাৎ ভাৰত তথা প্রতিৱেশী ৰাষ্ট্রসমূহৰ বাবে চীনৰ এই নতুন নৌ ঘাটি হৈ পৰিব তীব্র প্রত্যাহ্বান৷

You might also like