নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত আহোম জাতীয় মহাসভাৰ প্ৰতিষ্ঠা দিৱসঃ নগেন হাজৰিকাক জীৱনজোৰা সাধনা-শচীন গগৈক আহোম গৌৰৱ বঁটা

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ আহোম জাতীয় মহাসভাৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আড়ম্বপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুন্দৰজ্যোতি লাহন আৰু উদযাপন সমিতিৰ সভাপতি ভাস্কৰ শংকৰ ৰাজকোঁৱৰে। একাদিক্ৰমে  মৈদাম তৰ্পণ, চাওল্যু চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু মহাবীৰ লাচিত বৰফুকন প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। বৃক্ষৰোপণৰ পাছতেই তাই আহোমৰ পৰম্পৰাগত বান-ফী পূজা শুভাৰম্ভ হয়। ইয়াৰ পাছতেই অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা বিজয় চন্দন ৰাজকোঁৱৰে। উদ্বোধনী ভাষণত উদ্বোধক ৰাজকোঁৱৰে তাই আহোমৰ গৌৰৱোজ্বল ইতিহাস তথা উপৰিপুৰুষৰ বীৰগাথাঁ সমূহ স-শ্ৰদ্ধে সোঁৱৰণ কৰে। এই মঞ্চৰ পৰাই তেখেতে ভাৰত চৰকাৰক দাবী কৰে যে যদিহে ইয়াণ্ডাবু চুক্তিমতে অসম ভাৰতৰ অংগৰাজ্য, তেনেহ’লে ভাৰতৰ প্ৰথম স্বাধীনতাৰ সংগ্ৰামৰ শ্বহীদ হিচাপে ঘোষণা কৰক গমধৰ কোঁৱৰক। আদৰণি সমিতিৰ অভিভাষণ পাঠ কৰে ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক হোমেন বৰগোঁহাইয়ে। এই সভাতে “আহোমৰ প্ৰাক স্বাধীনতা কালৰ পৰা মুখামুখি হৈ অহা ঐতিহাসিক অন্যায়ৰ ভিত্তিত গঢ়ি উঠা পুনৰুত্থানবাদী চিন্তা চেতনাৰ গতি প্ৰকৃতি আৰু স্বাধীকাৰৰ বাবে জনজাতিকৰণ আত্মনিয়ন্ত্ৰণ অথবা আহোম লেণ্ডৰ প্ৰাসংগিকতা” সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। মুখ্য আলোচক হিচাপে উপস্থিত থাকে আহোম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি কনচেং বাইলুং ফুকন। সভাত ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ধেমাজি, গোলাঘাট, তিনিচুকীয়া, কামৰূপ, লক্ষীমপুৰ, বিশ্বনাথকে ধৰি বিভিন্ন জিলাৰ পৰা আহোম জাতীয় মহাসভাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান বিবিচি-ৰ এছিয়া পেচিফিক ৰিজ’নৰ এডিটৰিয়েল লীড শচীন গগৈক “আহোম গৌৰৱ” শীৰ্ষক বঁটা আৰু টাই আহোম ধৰ্ম, সংস্কৃতি, ইতিহাস আদিলৈ জীৱনযোৰা অৱদান আগবঢ়োৱা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, সাহিত্যিক নগেন হাজৰিকাক জীৱনযোৰা সাধনা বঁটা “ম্যু-ডুন-চূণ-খাম ২০২২” প্ৰদান কৰে আহোম জাতীয় মহাসভাই লগতে দুয়োগৰাকী বঁটা প্ৰাপকক তাই পৰম্পৰাগত বস্ত্ৰ ফাৰু পিন্ধাই উষ্ম সম্ভাষণ জ্ঞাপন কৰে। অনুষ্ঠানতে আহোম জাতীয় মহাসভাৰ বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই সভাত অতিথিৰূপে উপস্থিত থাকে সদৌ তাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিলনজ্যোতি বুঢ়াগোহাঁই, সদৌ অসম ছাত্র সন্হাৰ কেন্দ্ৰীয় বিষয়ববীয়া অনিল গগৈ, টাই ভাষা গৱেষক ডঃ হিৰণ্ময়ী বৰগোঁহাই, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে অন্যান্য টাই আহোমৰ বিষয়ববীয়া তথা জ্ঞাতি-কুটুম্ব উপস্থিত থাকে। গোলাঘাট বৰপথাৰৰ ভাগ্যজ্যোতি কুকৈ চ্যাওফুংমু “খে নাম টি মা” সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like