নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ বছৰে পৰিত্যক্ত চাবুৱাৰ খাগৰিজান তৈলক্ষেত্ৰ পুনঃমুকলি ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অধীনস্হ খাগৰিজান তৈলক্ষেত্ৰৰ পুনঃ মুকলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি ডিব্ৰুগড় ৰহমৰীয়াত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায় ১৫টা বছৰে পৰিত্যক্ত হৈ থকা খাগৰিজান তৈলক্ষেত্ৰৰ উৎপাদন প্ৰক্ৰিয়া পুনঃ আৰম্ভ কৰাৰ ঘোষণা কৰি অইল ইণ্ডিয়ালৈ এক সুখবৰ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে ২০০৭ চনতে বন্ধ হৈ পৰা খাগৰিজান তৈলক্ষেত্ৰৰ পৰা সেই সময়ত দৈনিক ৪২ কিলোলিটাৰ খাৰুৱা তেল উৎপাদন কৰা হৈছিল। বৰ্তমান উক্ত তৈলক্ষেত্ৰত অৱস্থিত তিনিওটা তৈলখাদৰ পৰাই উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি অইলৰ সূত্ৰই জানিবলৈ দিছে। তৈলক্ষেত্ৰ মুকলি ঘোষণাৰ লগতে ২০২১-২২ বৰ্ষৰ ৰাজ্যিক দূৰ্য্যোগ প্ৰশমন পুঁজিৰ অধীনত লিটিং গাঁৱৰ পৰা ৰহমৰীয়া গাঁৱলৈ ৭৫০ লাখ টকা ব্যয় সাপেক্ষ আঁচনি আৰু ২০২১-২২ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত ৰহমৰীয়া গাঁৱৰ পৰা বৰতীচুক গাঁৱলৈ ৮০ লাখ টকা ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া জিঅ’বেগ আঁচনি দুখনৰো শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অইল সঞ্চালক (অপাৰেচন) পংকজ কুমাৰ গোস্বামী, সঞ্চালক ডঃ মানস কুমাৰ শৰ্মা (এক্সপ্ল’ৰেচন এণ্ড ডেভেলপমেন্ট), অইলৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকাকতী প্ৰমুখ্যে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা আদি।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like