নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ পৰা ধন নাপাই উদণ্ড পুত্রই জ্বলাই দিলে ঘৰ

নিয়মীয়া বার্তা, ৩০ জানুৱাৰীঃ পিতৃৰ পৰা দাবী কৰা ধন নাপাই উদণ্ড যুৱকে ঘৰ জ্বলাই দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁৱত৷ এই ঘটনা সংঘটিত হৈছে মৰিগাঁও নগৰৰ সমীপৱর্তী কোমোৰাগুৰি গাঁৱৰ গিৰীশ (মেচা) নাথৰ ঘৰত৷

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, গিৰীশ নাথে ভূৰবন্ধাৰ সাপ্তাহিক বজাৰৰ পৰা সন্ধিয়া ঘৰ আহি পোৱাৰ পিছতেই পিতা–পুত্রৰ মাজত তর্ক–বিতর্ক শুনিবলৈ পায় ওচৰ–চুবুৰীয়াই৷ ইয়াৰ মাজতে উদণ্ড পুত্র নোমল নাথে ঘৰৰ ভিতৰত জুই জ্বলাই দি নিৰুদ্দেশ হৈ পৰে৷ পিতা–পুত্রৰ মাজত কাজিয়াৰ মূল কাৰণ হৈছে ঘৰুৱা কোনো কামতেই পিতৃক সহায়–সহযোগিতা নকৰা উদণ্ড প্রকৃতিৰ যুৱক নোমল নাথে পিতৃৰ পৰা ধন বিচাৰিছিল যদিও পিতৃয়ে ধন দিবলৈ অস্বীকাৰ কৰাক লৈয়ে পিতা–পুত্রৰ মাজত সংঘটিত হয় কাজিয়া৷ পিছত উদণ্ড পুত্র নোমল নাথে গৃহটো জ্বলাই দি বর্তমানে পলাতক অৱস্থাত থকা বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷ গৃহটোত থকা ধান, মৰাপাটৰ লগতে সা–সম্পত্তি, টকা–পইচা আদি সম্পূর্ণৰূপে ভস্মীভূত হয়৷ প্রায় ৪ লক্ষাধিক টকাৰ সা–সম্পত্তি ধ্বংস হোৱা বুলি জনা গৈছে৷ অগ্ণিনির্বাপক বাহিনীৰ গাডীয়ে স্থানীয় লোকৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে যদিও গিৰীশ নাথৰ গৃহত সংঘটিত এনে অবাঞ্ছিত ঘটনাই স্থানীয় লোকক হতভম্ব কৰি তোলে৷ স্থানীয় লোকে উদণ্ড যুৱক নোমল নাথক আটক কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে নিঠৰুৱা হৈ পৰা গিৰীশ নাথৰ পৰিয়ালক শীঘ্রেই চৰকাৰী সাহায্য প্রদানৰ দাবী জনাইছে৷

You might also like