নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুৰক্ষিত ৰাজধানী, এবছৰতে ২০৭২৮ অপৰাধ

৪,৩৩৮টা চুৰি, ১,৮৩১ ডকাইতি, ৭১টা হত্যা, ২১৩টা ধন দাবী, ২,২৬৫টা ঠগ–প্রৱঞ্চনাৰ ঘটনা

উৎপল বৰুৱা, গুৱাহাটীঃ আৰক্ষী আয়ুক্তকৰণ হোৱাৰ পিছতো ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰি, ডকাইতি, হত্যা, ধর্ষণকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা ৷ প্রায় ২০ লক্ষ লোকে বসবাস কৰা মহানগৰীখনত আইন–শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে মধ্য আৰক্ষী জিলাৰ অধীনত ৯খন থানা, পূব আৰক্ষী জিলাৰ অধীনত ৬খন থানা আৰু পশ্চিম আৰক্ষী জিলাৰ অধীনত ৫খন থানা আছে ৷ বিভিন্ন অপৰাধজনিত ঘটনা আৰু আইন–শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণ কৰি জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে মহানগৰীত মুঠ ২০খন থানা আৰু কেইবাখনো আৰক্ষী চকী থকাৰ পিছতো অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে ৷

তথ্য অনুসৰি বিগত বর্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ মুঠ ২০,৭২৮টা বিভিন্ন অপৰাধজনিত গোচৰ মহানগৰীৰ থানাসমূহত ৰুজু হৈছে৷ বিগত বর্ষৰ ১২টা মাহত মহানগৰীত মুঠ ৭১টা হত্যা, ৪,৩২৮টা চুৰি, ১,৮৩১ ডকাইতি, ৭১টা ধর্ষণ, ২১৩টা ধন দাবী, ২,২৬৫টা ঠগ–প্রৱঞ্চনা, সাম্প্রদায়িক সংঘর্ষজনিত গোচৰ ২০১৮ বর্ষৰ ১৩টাৰ পৰিৱর্তে ২০১৯ বর্ষত ৬৫টালৈ বৃদ্ধি পায় ৷ ইয়াৰ উপৰি অস্ত্র আইনৰ অধীনত এইবাৰ ১৪টা গোচৰ আৰু এনডিপিএছ এক্টৰ অধীনত ১৪২টা গোচৰ ৰুজু কৰা হৈছে ৷ ২০১৮ বর্ষৰ তুলনাত গুৱাহাটী মহানগৰীত ২০১৯ বর্ষত নাৰীজনিত অপৰাধমূলক গোচৰৰ সংখ্যা হ্রাস পোৱা পৰিলক্ষিত হৈছে ৷ ২০১৯ বর্ষত মহানগৰীত মুঠ ৯টা যৌতুকজনিত হত্যা, ৪৭০টা যুৱতী–মহিলা অপহৰণ, ১৯৯টা বিভিন্ন ধৰণৰ অপহৰণৰ গোচৰ মহানগৰীৰ থানাসমূহত ৰুজু হৈছে ৷ ইফালে মহানগৰীৰ থানাসমূহত ভাৰতীয় দণ্ডবিধিৰ আন আন ধাৰাৰ অধীনত মুঠ ৮,১৯১টা অপৰাধজনিত গোচৰ ৰুজু হৈছে ৷ গুৱাহাটী মহানগৰীত ২০১৮ বর্ষৰ তুলনাত ২০১৯ বর্ষত ৰুজু হোৱা গোচৰৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ মহানগৰীত বিভিন্ন অপৰাধজনিত গোচৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাইছে যদিও এই গোচৰসমূহৰ তদন্ত প্রক্রিয়া কি পর্যায়ত আছে, সেই তথ্য এতিয়াও প্রকাশ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে ৷

You might also like