নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ২১খন বিশ্ববিদ্যালয় ভুৱা ঘোষণা ইউজিচিৰঃ উত্তৰ প্ৰদেশৰ পিছতে অধিকাংশ দিল্লীৰ

বিশেষ বাৰ্তা, ২৬ আগষ্টঃ বিশ্ববিদ্যালয় অনুদান আয়োগে দেশত চলি থকা ২১খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিছে। ইউজিচিৰ মতে, এই বিশ্ববিদ্যালয়সমূহৰ কোনো ডিগ্ৰী প্ৰদানৰ কোনো কৰ্তৃত্ব নাই। ইউজিচিয়ে এনে বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিছে, য’ত উত্তৰ প্ৰদেশৰ পিছত আটাইতকৈ ভুৱা বিশ্ববিদ্যালয় দিল্লীত আছে। ইউ জি চিৰ তথ্য অনুসৰি ইউ জি চি আইন উলংঘা কৰা ২১টা স্বায়ত্তশাসিত আৰু স্বীকৃতি নোপোৱা প্ৰতিষ্ঠানক ভুৱা বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰা হৈছে আৰু ইয়াৰ কোনো ডিগ্ৰী প্ৰদানৰ কৰ্তৃত্ব নাই। ইউজিচিয়ে প্ৰকাশ কৰা বিশ্ববিদ্যালয়কেইখন হৈছে ক্ৰমে
♦️নিখিল ভাৰতীয় জনসাধাৰণ আৰু শাৰীৰিক স্বাস্থ্য বিজ্ঞান প্ৰতিষ্ঠান, দিল্লী
♦️কমাৰ্চিয়েল ইউনিভাৰ্চিটি লিমিটেড, দৰিয়াগঞ্জ, দিল্লী
♦️ইউনাইটেড নেচন বিশ্ববিদ্যালয়, দিল্লী
♦️ভকেচনেল বিশ্ববিদ্যালয়, দিল্লী
♦️এ ডি আৰ চেণ্ট্ৰিক জুৰিডিকেল ইউনিভাৰ্চিটি, দিল্লী
♦️ভাৰতীয় বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান, দিল্লী
♦️বিশ্বকৰ্মা মুক্ত বিশ্ববিদ্যালয়, দিল্লী
♦️আধ্যাত্মিক বিশ্ববিদ্যালয়, ৰোহিনী, দিল্লী
♦️বদগনৱী সৰকাৰ বিশ্ব মুক্ত বিশ্ববিদ্যালয়, কৰ্ণাটক
♦️কেৰেলাৰ ছেইণ্ট জন বিশ্ববিদ্যালয়
♦️ৰাজা আৰবী বিশ্ববিদ্যালয়, নাগপুৰ
♦️ভাৰতীয় বিকল্প চিকিৎসা প্ৰতিষ্ঠান, কলকাতা
♦️বিকল্প চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠান, কলকাতা
♦️গান্ধী হিন্দী বিশ্ববিদ্যালয়, প্ৰয়াগ, উত্তৰ প্ৰদেশ
♦️নেচনেল ইউনিভাৰ্চিটি অৱ ইলেক্ট্ৰ’ কমপ্লেক্স হোমিঅ’পেথী, কানপুৰ
♦️নেতাজী সুভাষ চন্দ্ৰ বসু মুক্ত বিশ্ববিদ্যালয়, আলিগড়
♦️ভাৰতীয় শিক্ষা পৰিষদ, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ
♦️নবাভাৰত শিক্ষা পৰিষদ, শক্তি নগৰ, ৰৌৰকেলা
♦️উত্তৰ উৰিষ্যা কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, ওড়িশা
♦️শ্ৰী বোধি একাডেমী অৱ হায়াৰ এডুকেচন, পুডুচেৰী
♦️খ্ৰীষ্ট নিউ টেষ্টামেণ্ট ডিমড বিশ্ববিদ্যালয়, অন্ধ্ৰ প্ৰদেশ
উল্লেখ্য যে ইউ জি চি কেন্দ্ৰীয় চৰকাৰৰ এটা আয়োগ যিয়ে বিশ্ববিদ্যালয়সমূহক স্বীকৃতি দিয়ে। ইয়াৰ উপৰি স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক অনুদান প্ৰদান কৰে। ৰাজধানী চহৰ দিল্লীত মুখ্য কাৰ্যালয় থকা ইউ জি চিৰ পুনে, ভোপাল, কলকাতা, হায়দৰাবাদ, গুৱাহাটী আৰু বেংগালুৰুত ৬টা আঞ্চলিক শাখা আছে। ইউজিচিয়ে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট)ৰো আয়োজন কৰে যাৰ জৰিয়তে উত্তীৰ্ণ প্ৰাৰ্থীক বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি দিয়া হয়।

You might also like