৯০ কিলোমিটাৰ দৌৰি মহিলাক বিয়াৰ প্রস্তাৱ দক্ষিণ আফ্রিকাৰ যোছেফৰ
নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: দক্ষিণ আফ্রিকাৰ এজন লোকে পৰিচিত মহিলা এগৰাকীক বিয়াৰ প্রস্তাৱ দিবলৈ ৯০ কিলোমিটাৰ দৌৰি ছ’চিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰিছে৷ ইতিমধ্যে এই লোকজনৰ ভিডিঅ’ তথা আলোকচিত্রই জ্বৰ তুলিছে নেট মাধ্যমত৷ ৫৭ বছৰীয়া যোছেফ কাগিছো এনলভু নামৰ লোকজনে প্রুডেন্স নামৰ মহিলাগৰাকীক বিয়াৰ প্রস্তাৱ দিবলৈ এনেদৰে ৯০ কিলোমিটাৰ মাৰাথন দৌৰি অভিলেখ সৃষ্টি কৰাই নহয়, সংবাদ মাধ্যমতো শিৰোনাম দখল কৰিছে৷ মহিলাগৰাকীৰ সৈতে লোকজনক এখন বেনাৰৰ সৈতে দেখিবলৈ পোৱা গৈছে আলোকচিত্রত৷ দেওবাৰে ‘কমৰেডছ মাৰাথন’ৰ অন্ত পেলাই মহিলাগৰাকীক বিয়াৰ প্রস্তাৱ দিয়ে যোছেফে৷ সংবাদ সংস্থা বি বি চিৰ সন্মুখীন হৈ যোছেফে কয় যে প্রুডেন্স ডিকে এনেদৰে মাৰাথন দৌৰি তেওঁক বিয়াৰ প্রস্তাৱ দিয়া বাবে সন্তুষ্টি প্রকাশ কৰিছে৷ অহা বছৰত তেওঁলোকে এটা ভাল দিন চাই বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে চলিত বর্ষৰ আৰম্ভণিতে প্রুডেন্সৰ সৈতে পৰিচয় ঘটিছিল যোছেফৰ৷ কিন্তু প্রুডেন্সে বিয়াৰ প্রস্তাৱ গ্রহণ কৰিবনে নাই তাক লৈ সন্দেহ আছিল যোছেফৰ৷ গতিকে এই অকল্পনীয় পদক্ষেপ গ্রহণ কৰি মহিলাগৰাকীক বিয়াৰ প্রস্তাৱ দিয়াৰ সিদ্ধান্ত লয় যোছেফে৷