নিয়মীয়া বাৰ্তা, 30 আগষ্ট : ওদালগুৰি জিলাৰ অসম, অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ অন্যতম জনপ্ৰিয় পিকনিক তথা পৰ্যটনস্থলী ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈৰ ওপৰত নিৰ্মাণ হবলগীয়া ৩২০ মিটাৰ দৈৰ্ঘ্যৰ দলঙৰ আধাৰশিলা আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰে। এনইআৰএচডিএছ প্ৰকল্পৰ অধীনত ৩৩ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া এই দলঙৰ আধাৰশিলা স্থাপনৰ পিছতেই ভৈৰৱকুণ্ডত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দলং নিৰ্মাণৰ লগতে ভূটান আৰু অৰুণাচল প্ৰদেশলৈ অসমৰ যোগাযোগ ব্যৱস্থা সুগম আৰু মসৃণ হব বুলি উল্লেখ কৰাৰ লগতে এই পথটি অৰুণাচল প্ৰদেশৰ সবাতকৈ জনপ্ৰিয় পৰ্যটনস্থলী টাৱাঙলৈ যোৱা বিকল্প পথ হব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। তেওঁ লগতে কয়- ভৈৰৱকুণ্ড অসমৰ এখন বিখ্যাত পৰ্যটনস্থলী। এই দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে ভৈৰৱকুণ্ডৰ পৰ্যটন উদ্যোগৰো বিকাশ আৰু উন্নয়ন হব। ভৈৰৱকুণ্ডৰ পৰ্যটন উদ্যোগত লগত জড়িত প্ৰতিজন লোক উপকৃত হব। ভৈৰৱকুণ্ডত প্ৰতিবছৰে তিনি চাৰি লাখ পৰ্যটকৰ আগমন ঘটে আৰু এই দলঙৰ নিৰ্মাণ কাৰ্যসমূহ হোৱাৰ পিছত তথা অৰুণাচললৈ যাতায়ত সুগম হোৱাৰ লগে লগে অঞ্চলটোত পৰ্যটকৰ সংখ্যা আৰু দুগুন হব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ বিটিআৰ চুক্তিৰ কথা উল্লেখ কৰি ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত বিটিআৰ চুক্তিৰ দফাবোৰ এটা এটাকৈ কাৰ্যকৰী কৰাৰলগতে অঞ্চলটোৰ উন্নয়নত সৰ্বাধিক গুৰুত্ব দিয়া বুলিও প্ৰকাশ কৰে। অহা ৭ চেপ্তেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বিটিআৰৰ উন্নয়নৰ বাবে আৰু অধিক পুঁজি মোকলাই দিয়াৰ কথাও উল্লেখ কৰে। বিটিআৰৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ ইতিধ্যে বিটিআৰ গুড উইল মিছনৰ জৰিয়তে ৬০০ কোটী টকাৰ কাম চলি থকাৰ কথা উল্লেখ অতি আগন্তুক দিনত এই যোগযোগ ব্যৱস্থা আৰু অধিক উন্নত কৰিবলৈ মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মান আঁচনিৰ অধিনত প্ৰতিটো বিধান সভা সমষ্টিত ১০ কিলোমিটাৰ উন্নত পকীপথ নিৰ্মাণ হব। সেই হিচাপে বিটিআৰত মুঠ ১২০ কিলোমিটাৰ উন্নত পকী পথ নিৰ্মাণ হব। ইয়াৰ ওপৰিও মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত প্ৰতিটো বিধান সভাসমষ্টিৰ ২৫ কিলোমিটাৰ পকী পথ নিৰ্মাণ হব আৰু আৰু সেই আঁচনিৰ অধীনত বিটিআৰত প্ৰায় ৩০০ কিলোমিটাৰ পথ নিৰ্মাণ হব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। পুৰণি পথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰী পথ নবীকৰণ আঁচনিৰ লগতে নদীৰ মাথাউৰি পকীকৰণ নিৰ্মাণ আঁচনিও ইতিমধ্যে ৰাজ্য চৰকাৰে অনুমোদন জনাই অহা চেপ্তেম্বৰৰ পৰাই লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। তেওঁ বিটিআৰৰ উন্নয়নৰ বাবে ৰূপায়ন হোৱা বিভিন্ন আঁচনিসমূহৰ কথা উল্লেখ কৰি এই আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে অঞ্চলটোত এক অভূতপূৰ্ব উন্নয়ন হব বুলিও আশা প্ৰকাশ কৰে। সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ভাষণ প্ৰদান কৰি পৰ্যটনস্থলী হিচাপে ভৈৰৱকুণ্ডত পৰ্যটকৰ আগমন আৰু আকৰ্ষণৰ কথা ব্যক্ত কৰাৰ লগতে বিটিআৰৰ সম্পদ আৰু সম্ভাৱনাৰ ওপৰত আলোপকাত কৰি বিটিআৰৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ আদৰণি জনাই চৰকাৰক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত তথা বিশেষ সচিৱ ৰাজেশ খেমৰাইয়ে আদৰণি ভাষণ জনাই ভৈৰৱকুণ্ডৰ ধনশ্ৰী নদীৰ ওপৰত নিৰ্মাণ হবলগীয়া এইখন দলঙে উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ মাজত যোগাযোগ ব্যৱস্থাৰ লগতে ব্যৱসায়, বাণিজ্য আৰু পৰ্যটনৰ ক্ষেত্ৰৰো বিকাশ সাধন কৰিব বুলি আশা প্ৰকাশ কৰে। সভাত বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংঘলেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ নিলুত স্বৰ্গীয়াৰী, দিগন্ত বৰুৱা, দাওবৈচা বড়ো, এমচিএলএসকলৰ লগতে এনএচি চেক্ৰেটেৰীয়েট শ্বিলঙৰ উপদেষ্টা নবীন কুমাৰৰ লগতে ওদাগুৰিৰ জিলা উপায়ুক্ত ডঃ চডনেক সিং, আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনৰ লগতে বহু গণ্যমান্য লোক উপস্থিত থাকে।
প্ৰেৰক ৰাম উপাধ্যায়