নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকীদাৰ নাই ! তিতাবৰৰ বেকাজানত বিদ্যালয়ৰ তলা খোলে শিক্ষকে

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : শিক্ষা বিভাগৰ চূড়ান্ত গুৰুত্বজ্ঞানহীনতাৰ বাবে তিতাবৰ মহকুমাৰ বেকাজান পঞ্চায়তৰ অন্তৰ্গত নৱমিলন উচ্চ মাধ্যমিক বিদ্যালয়ত দীৰ্ঘদিনে খালী হৈ আছে চতুৰ্থ শ্ৰেণী কৰ্মচাৰীৰ পদ। ফলত প্ৰাথমিক পৰ্যায়ৰ পৰা হাইস্কুললৈকে থকা বিদ্যালয়খনত বৰ্তমান চকীদাৰৰ অভাৱে অন্যান্য কৰ্মচাৰীসকলক বাৰুকৈয়ে জলাকলা খোৱাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই নৱমিলন উচ্চ মাধ্যমিক বিদ্যালয়খনত বৰ্তমান পৰিবেশ এনেকুৱা পৰ্যায়ৰ পাইছেগৈ যে পুৱা বিদ্যালয়খন খুলি চাফ-চিকুন কৰাৰ পৰা আবেলি বন্ধ কৰি গেটত তলা লগোৱালৈকে সকলো দায়িত্ব শিক্ষকেই পালন কৰিব লগীয়া হয়। ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ সমান্তৰালকৈ দৈনিক চকীদাৰৰ দায়িত্বও শিক্ষকে পালন কৰি আহিব লগীয়া পৰিস্থিতিয়ে স্বাভাৱিকতে শিক্ষা বিভাগৰ ফোপোলা স্বাৰূপটো স্পষ্টকৈ উদঙাই দিছে। যি সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে শিক্ষাবিভাগৰ বিভিন্ন দিশত চোকা দৃষ্টি ৰখা বুলি সংবাদ মাধ্যমত প্ৰায়েই উল্লেখ কৰে তেনে সময়ত নৱমিলন উচ্চ মাধ্যমিক বিদ্যালয়খন চকীদাৰৰ অবিহনেই দীৰ্ঘদিন দিন ধৰি চলি থকা কাৰ্য অতি দুৰ্ভাগ্যজনক বুলি সচেতন মহলে ক্ষোভ ব্যক্ত কৰিছে। জানিব পৰা মতে বিদ্যালয়খনৰ হাইস্কুলৰ চকীদাৰজন ২০১১ চনতে অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে বিদ্যালয়খন একত্ৰিকৰণ হোৱাত এম ই স্কুলৰ চকিদাৰজানে গোটেই দায়িত্ব পালন কৰি আছিল। কিন্তু যোৱা জানুৱাৰী মাহত এইগৰাকী এম ই স্কুলৰ চকীদাৰো অৱসৰ গ্ৰহণ কৰাত বৰ্তমান সমস্যাত পৰিছে অন্যান্য কৰ্মচাৰীসকল। ইফালে বিদ্যালয়খনত চকীদাৰৰ অভাৱৰ কথা শিক্ষক আৰু পৰিচালনা সমিতিয়ে যোৰহাট জিলাৰ বিদ্যালয় পৰিদৰ্শকক জনাইছিল যদিও এইক্ষেত্ৰত আজিকোপতি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিদ্যালয়খনত শিক্ষকসকলক যাতে কোনো সমস্যাত নেপেলাই আৰু শিক্ষাৰ গুণগত মানদণ্ড অটুত থাকে তাৰ বাবে এগৰাকী চকীদাৰ শীঘ্ৰে নিযুক্তি দিয়াটো অত্যন্ত জৰুৰী বুলি স্থানীয় সচেতন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিদ্যালয়খনত এগৰাকী চকীদাৰ আৰু অন্যান্য খালী হৈ থকা পদ সমূহ শীঘ্ৰে পূৰণৰ বাবে শিক্ষা বিভাগ, যোৰহাট জিলাৰ উপায়ুক্ত, বিদ্যালয় পৰিদৰ্শকৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় সচেতন ৰাইজে।

প্ৰেৰক অজয় শইকীয়া

You might also like