চামগুৰিৰ জিলা শিক্ষা-প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱস পালন
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ ৩৪সংখ্যক প্ৰতিষ্ঠা দিৱসটো আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন কৰে চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিপনজ্যোতি নাথে৷ লগতে বৃক্ষৰোপণ আৰু বন্তি প্ৰজ্বলনকে ধৰি বিভিন্ন কাৰ্যসূচী অনূষ্ঠিত হয়৷ পৰৱৰ্তী সময়ত প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিষ্ঠানটোৰ অধ্যক্ষা ড০ ৰীতা দেৱীয়ে কেক্ কাটি শুভাৰম্ভ কৰা অনুষ্ঠানটোত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান নগাঁৱৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ঊষাৰণ ডেকা ভাৰপ্ৰাপ্ত প্ৰাক্তন অধ্যক্ষ টকেংশ্বৰ শৰ্মা, নলবাৰী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাক্তন অধ্যক্ষা কল্পনা বৰুৱা, বঙাইগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ড০ অনুস্মিতা বৰুৱা, প্ৰতিমা দেৱী শৰ্মাকে ধৰি বহুকেইজন প্ৰাক্তন অধ্যক্ষ অধ্যক্ষা আৰু প্ৰাক্তন প্ৰবক্তা উপস্থিত থাকে৷ চামগুৰিৰ ভেলেউগুৰিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান নগাঁও, অধ্যক্ষা ড০ ৰীতা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত প্ৰতিষ্ঠানটোৰ প্ৰবক্তা চয়নিকা শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে৷ প্ৰবক্তা মনচুমি বৰাই আঁত ধৰা অনুষ্ঠানটোত জিলা শিক্ষা আৰু প্ৰতিষ্ঠানটোৰ বহুকেইজন প্ৰবক্তা আৰু কৰ্মচাৰীসকলে গীত পৰিবেশন কৰি অনুষ্ঠানটো সফল কৰাৰ লগতে প্ৰবক্তা মনচুমি বৰাই জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ ওপৰত এটা কবিতা আবৃত্তি কৰি উপস্থিত ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়৷ লগতে চামগুৰিৰ ভেলেউগুৰিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা একাংশ ছাত্ৰ-ছাত্ৰীয়ে গীত আৰু নৃত্য পৰিবেশন কৰি প্ৰতিষ্ঠা দিৱসটো সফল কৰি তোলে।
প্ৰেৰক প্ৰমোদ শৰ্মা