এপিএছচিৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ ভাৰত ভূষণ দেৱ চৌধুৰীৰঃ বজালীত আনন্দৰ বন্যা
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ বজালীৰ সুসন্তান, আধুনিক বজালীৰ অন্যতম খনিকৰ, কামেশ্বৰ দাসৰ পিছত আন এগৰাকী বজালীৰ সুসন্তান ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে আজি শপতগ্ৰহণ কৰাৰ পিছতে বজালীত আনন্দৰ বন্যা বৈছে৷ উল্লেখ্য যে বিখ্যাত গণিতজ্ঞ তথা বজালীৰ সু-সন্তান তথা সেই সময়ৰ বজালী মহাবিদ্যালয় বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কামেশ্বৰ দাস অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ হিচাপে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰি থৈ গৈছে। ১৯৪৮-৪৯ৰ পৰা ১৯৫২-৫৩লৈ এইগৰাকী বিদগ্ধ পণ্ডিতে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ আসন অলংকৃত কৰি ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰৰে এই কথা লিপিবদ্ধ হৈ আছে। সুদীর্ঘ ৭২ বছৰৰ পাছত আন এগৰাকী সৎ তথা দক্ষ বজালী সন্তানে পুনৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদ অলংকৃত কৰাক লৈ এতিয়া বজালীত আনন্দৰ বন্যা বৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সুখ্যাতিৰে সেৱা আগবঢ়োৱা বজালী জিলাৰ প্ৰাক্তন উপায়ুক্ত, বজালীৰ গৌৰৱ লোকসেৱা আয়োগৰ নৱনিযুক্ত অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত অসম লোকসেৱা আয়োগে হৃত গৌৰৱ উদ্ধাৰ কৰিব বুলি আশা কৰিছে বজালীবাসীয়ে। আজি শপতগ্ৰহণৰ ক্ষণত সমগ্ৰ বজালীবাসীয়ে দেৱ চৌধুৰীলৈ অভিনন্দন জ্ঞাপন কৰি আনন্দ প্ৰকাশ কৰিছে৷
প্ৰেৰকঃ কল্যাণ কলিতা