মিচিচিপিত হাইজেক বিমান শ্বপিং চেণ্টাৰত খুন্দিওৱাৰ ভাবুকি পাইলটৰ
বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰঃ আমেৰিকাৰ মিচিচিপিত এখন বিমান হাইজেকিঙৰ খবৰ আহিছে। প্ৰতিবেদন অনুসৰি, পাইলটে শ্বপিং চেণ্টাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিছে। আৰক্ষীয়ে জনোৱা মতে, মিচিচিপিৰ টুপেলোৰ স্থানীয় ৱালমাৰ্টত বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিছিল এজন পাইলটে। পাইলটে বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিয়াৰ পিছতে ৰাইজক সতৰ্ক কৰি দিয়া হৈছে। পাইলটে বিমানখন ৱালমাৰ্টত দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিয়াৰ পিছতে মিচিচিপিৰ ষ্ট’ৰসমূহো খালী কৰিছে আৰক্ষীয়ে। ইফালে, টুপেলোৰ আইন প্ৰয়োগকাৰী সংস্থা আৰু জৰুৰীকালীন কৰ্মীসকলক হাই এলাৰ্টত ৰখা হৈছে কাৰণ এজন বিমানৰ পাইলটে ইচ্ছাকৃতভাৱে নিজৰ বিমানখন শ্বপিং চেণ্টাৰত খুন্দা মৰাৰ ভাবুকি দিছিল। তথ্য অনুসৰি পাইলটজনৰ সৈতে যোগাযোগত আছে বিষয়াগৰাকী। দ্য ৱাশ্বিংটন পোষ্টৰ মতে, কৰ্তৃপক্ষই জনোৱা মতে, শনিবাৰে পুৱা টুপেলোৰ ওপৰেৰে এখন সৰু ব্যক্তিগত বিমান উৰুৱাই থকা এজন পাইলটে আকাশ ঘূৰি ফুৰিছিল আৰু বিমানখন ৱালমাৰ্টৰ ষ্ট’ৰত খুন্দা মৰাৰ ভাবুকি দিছিল। টুপেলো আৰক্ষী বিভাগে জনোৱা মতে, পুৱা প্ৰায় ৫ বজাত এটা খবৰ পোৱা গৈছে যে বিমানখন চহৰৰ ওপৰেৰে উৰি আছে। আৰক্ষীয়ে জনোৱা মতে, পাইলটজনৰ সৈতে পোনপটীয়াকৈ কথা পাতিছে। আৰক্ষীৰ মতে, বিষয়াসকলে ৱালমাৰ্ট আৰু ওচৰৰ এটা গেছ ষ্টেচন খালী কৰি যিমান পাৰি মানুহক বিক্ষিপ্ত কৰাৰ বাবে কাম কৰি আছিল। ফেচবুক পোষ্টটোত কোৱা হৈছে যে সকলো ঠিক নোহোৱালৈকে নাগৰিকসকলক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।