নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ সংযুক্ত মুক্তি বাহিনী অসম(স্বা) চমুকৈ আলফাৰ দুই কেডাৰে অস্ত্ৰ-শস্ত্ৰসহ সাপেখাতী শিৱিৰৰ ২৪৪ সেনা ৰেজিমেণ্টত আত্মসমৰ্পণ কৰে ।
আত্মসমৰ্পণ কৰা কেডাৰ দুজন হৈছে লখিমপুৰৰ নাৰায়ণপুৰৰ চাও লক্ষী লুংগনুন ওৰফে ৰুবুল অসম আৰু চৰাইদেউ সোণাৰিৰ মানসজ্যোতি পাটমাউত ওৰফে বাস্তৱ অসম । ৰুবুল অসমে ২০১০ চনত আলফাত যোগদান কৰি ম্যানমাৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে বাস্তৱ অসমে ২০১৭ চনত যোগদান কৰিছিল আলফাত ।
আত্মসমৰ্পণকাৰী দুই কেডাৰে এইচ কে ৩৩ ৰাইফল, দুটা মেগজিন আৰু ৩৩ ৰাউণ্ড সজীৱ গুলীসহ সেনাৰ ওচৰত আত্মসমৰ্পণ কৰে । ইফালে , ভাৰতীয় সেনাৰ হাতত আত্মসমৰ্পণ কৰি বহু দিনৰ পাচত পিতৃ-মাতৃক কাষত পাই সুখী বুলি জানিবলৈ দিয়ে বাস্তৱ অসমে । নিজৰ পুত্ৰক এতিয়াৰে পৰা এইদৰে কাষত পাই আবেগিক হৈ পৰে বাস্তৱৰ মাতৃ ।