শিক্ষক দিৱস উপলক্ষে অসম জাতীয় বিদ্যালয় পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: “ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াৰ লগতে তেওঁলোকৰ চৰিত্ৰ গঢ়ি তোলাতো শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।” -আজি শিক্ষক দিৱসৰ দিনা নুনমাটিস্থিত অসম জাতীয় বিদ্যাালয়ত উপস্থিত হৈ এই মন্তব্য ৰাজ্যপাল জগদীশ মুখীৰ।
শিক্ষক দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বোধন কৰি ৰাজ্যপালগৰাকীয়ে কয়, ‘আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ শিক্ষক দিৱস উদযাপন কৰা হৈছে। জাতি গঠনত শিক্ষকসকলৰ অৱদান প্ৰশংসনীয়। আজিৰ দিনটো গুৰু আৰু শিষ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। প্ৰতিজন মানুহৰ জীৱনত গুৰুৰ এক বিশেষ স্থান আছে। গুৰুয়েই আমাক প্ৰকৃত মানুহ কৰি তোলে। শিশুৰ ব্যক্তিত্ব গঢ়ি তোলাটো এটা অতি বিশাল আৰু কঠিন কাম, যিটো কেৱল এজন গুৰুৱেহে কৰিব পাৰে।”
ৰাজ্যপালগৰাকীয়ে লগতে কয় যে “নতুন শিক্ষা নীতি”ৰ অধীনত বিদ্যালয়ৰ শিক্ষাৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন কৰা হৈছে। তেওঁ লগতে কয় যে অসম জাতীয় বিদ্যালয়েও নতুন শিক্ষা নীতি গ্ৰহণ কৰিবলৈ সক্ষম হ’ব আৰু ছাত্ৰ-ছাত্ৰীসকলক “শক্তি সম্পন্ন নাগৰিক” কৰাৰ দিশত সদায় চেষ্টা চলাব।
আজিৰ অনুষ্ঠানটোত ড০ নাৰায়ণ শৰ্মা, দিলীপ কুমাৰ চৌধুৰী, বিদ্যালয়খনৰ অধ্যক্ষ ঘনশ্যাম মেধি, শিক্ষক-শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে।