নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত নিৰ্লজ্জ কাণ্ডঃ ছবছৰীয়া কন্যা শিশুক বৃদ্ধৰ যৌন আতিশয্য

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনা!এগৰাকী ছয় বছৰীয়া কন্যা শিশুক ৭০ বছৰীয়া বৃদ্ধই যৌন আতিশয্য চলোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে!এনে অতি ঘৃণনীয় জঘন্য ঘটনাই ডিব্ৰুগড়ত স্বৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।জানিব পৰামতে ডিব্ৰুগড়ৰ চহৰৰ এক নং পদুম নগৰত সংঘটিত হৈছে এই জঘন্য ঘটনা।দুলাল আচাৰ্য ওৰফে বাবুল নামৰ এক ৭০ বছৰীয়া পাষণ্ড বৃদ্ধই নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দুপৰীয়া ভাগত কোনো নথকা তথা নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি এগৰাকী ছয় বছৰীয়া দেৱ শিশুক চলাইছিল যৌণ উৎপীড়ন।ঘটনাৰ বিবৰণী মতে আজি দুপৰীয়া ভাগত ব্যৱসায়িক প্ৰতিষ্ঠান খনলৈ কণী অনাৰ বাবে গৈছিল কণমানি দেৱশিশু গৰাকী।তেনে সময়তে নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি দোকানৰ ভিতৰত কন্যাশিশু গৰাকীক আবদ্ধ কৰি নিজৰ কু-চৰিত্ৰাৰ্থ পুৰণ কৰিছিল পাষাণ বৃদ্ধই।ইফালে বহু সময় পৰ্যন্ত নিজ শিশু কন্যাক দেখা নাপাই আত্মীয়ই বহু বিচাৰ-খোচাৰ কৰি পোৱা নাছিল।অৱশেষত ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ পৰা কান্দি কান্দি কন্যা শিশুটি উলাই আহিছিল।দোকানৰ ভিতৰত সংঘটিত হোৱা এনে ভয়ংকৰ ঘটনা সন্দৰ্ভত শিশুটিয়ে অৱগত কৰে ঘৰৰ লোকক।লগে লগে বৃদ্ধ দুলাল আচাৰ্য ওৰফে বাবুল নামৰ পাষণ্ডটোক স্থানীয় ৰাইজে লপা-থপা দি আৰক্ষীক গটাই দিয়াৰ লগতে উতপ্ত পৰিস্থিতি সৃষ্টি হয়।ইফালে ঘটনা স্থানত গাভৰুপথাৰ আৰক্ষী উপস্থিত হৈ লম্পট দুলাল আচাৰ্যক আটক কৰি তদন্ত আৰম্ভ কৰিছে।ঘটনাক কেন্দ্ৰ কৰি গাভৰু পথাৰ আৰক্ষী চকী চৌহদ আৰু পদুম নগৰত উতপ্ত পৰিস্থিতি সৃষ্টি হৈছে। আৰক্ষীয়ে পাষণ্ড দুলাল আচাৰ্যক মেডিকেল কৰিবলৈ নিয়া সময়তে উত্তেজিত ৰাইজে লপা থপা সুধায়।চহৰৰ মাজমজিয়াত সংঘটিত এনে ঘটনাই সকলোকে ভবাই তুলিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like