নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ দীঘলীগাঁৱত চাহ জনগোষ্ঠীৰ কৰম পৰৱ পালন

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ বালিপৰা দীঘলীগাঁৱত (মধুপুৰ ) কালি সামৰণি পৰে চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ কৰম। দীঘলীগাঁও কৰম উৎসৱ উদযাপন কমিটিৰ উদ্যোগত আৰু দীঘলীগাঁওবাসীৰ সহযোগত গাঁওখনৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ৪২ সংখ্যক কৰম উৎসৱ। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত শ্বহীদ তৰ্পণ কৰে দীঘলীগাঁও শাখা কুৰ্মী সমাজৰ মাহত্ব কলেশ্বৰ কুৰ্মীয়ে। বিয়লি ৩ বজাত পৰম্পৰাগত বিধান অনুসৰি কৰম ডাল প্ৰতিষ্ঠা কৰে কৃষ্ণ কুৰ্মী আৰু দুলাল কুৰ্মীয়ে। বিয়লি ৫ বজাৰ পৰা বিধি অনুসৰি কৰম উৎসৱ আৰম্ভ আৰু তাৎপৰ্য ব্যাখ্যা কাৰ্যসূচী শুভাৰম্ভ কৰে কেহেৰুখন্দাৰ সোণাৰাম কুৰ্মীয়ে। সন্ধ্যা ৭ বজাত পূজা সমাপন আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। নিশা ৮ বজাৰপৰা অনুষ্ঠিত হয় আমন্ত্ৰিত অতিথিৰ চিনাকী পৰ্ব আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান । নিশা ৯.৩০ বজাৰপৰা অনুষ্ঠিত হয় আখৰা বন্দনা আৰু চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্যৰ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত সকলোৱে ঝুমুইৰ গীত তালে-তালে নৃত্য প্ৰদৰ্শন কৰে। আনহাতে অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাপে উপস্থিত থকা গায়ক উমেশ তাঁতী, ঘনকান্ত তাঁতী আৰু ৰামাকান্ত তাঁতীয়ে চাহ জনগোষ্ঠীয় গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয়। অনুষ্ঠানটোত বালিপৰা-চাৰিদুৱাৰ মৌজাৰ মৌজাদাৰ উৎপল দাস, বালিপৰা খণ্ড শিক্ষা বিষয়া বিষয়া মনিশ ঠাকুৰ, শিক্ষক নকুল কুৰ্মী, বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, জামুনবিল প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক কাৰ্তিক কোচ, সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজসেৱক মিনাৰাম বৰা, আটছাৰ শোণিতপুৰ জিলা সমিতিৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক বসন্ত ভূমিজ, অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণকান্ত দাস, সমাজসেৱক ৰমেশ কুৰ্মী, কুৰ্মী যুৱ পৰিষদৰ জিলা কমিটিৰ উপ-সভাপতি সঞ্জীৱ কুৰ্মী, সম্পাদক ৰবিন কুৰ্মী, বালিপৰা উপ-শাখা আটছাৰ চোহান তাঁতী, সমাজসেৱক টংকেশ্বৰ কুৰ্মী, উদযাপন কমিটিৰ সভাপতি উত্তম কুৰ্মী, উপ-সভাপতি নয়ন কুৰ্মী আৰু পিংকু কৰ্মকাৰ, সম্পাদক অংকন কুৰ্মীৰ লগতে সমূহ বিষয়ববীয়া, স্থানীয় সংস্কৃতিপ্ৰেমী ৰাইজ উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like