ৰঙিয়াত বন্যপ্ৰাণী উদ্ধাৰঃ ৰঙিয়া থানাৰ অ’চি ভাস্কৰ মল্ল পাটোৱাৰী-অভিযানকাৰী দলক পুৰস্কাৰ জি পি সিঙৰ
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ৰঙিয়াত অবৈধ ভাৱে সৰবৰাহ কৰা বন্যপ্ৰাণী উদ্ধাৰ আৰু দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা সফলতাৰ বাবে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে অভিযানকাৰী আৰক্ষীৰ দলক দুই লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিছে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক জিপি সিঙে। এই লৈ ৰঙিয়া থানাৰ আৰক্ষীৰ মাজত আনন্দ বিৰাজ কৰে। উল্লেখ্য যে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত কালি আৰক্ষীৰ এটা দলে ৰঙিয়াত জব্দ কৰিছিল বৃহৎ সংখ্যক বন্যপ্ৰাণী। লগতে গ্ৰেপ্তাৰ কৰিছিল তামিলনাডুৰ দুজন সৰবৰাহকাৰীক। অভিযানকাৰী দলটোৱে আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী চক্ৰ উৎখাত কৰি মিজোৰামৰ পৰা শিলিগুৰীলৈ দুখন বিলাসী বাহনত কেংগেৰু, চিম্পাঞ্জী, বিভিন্ন প্ৰজাতিৰ বান্দৰ, কাছ, বনৰীয়া চৰাই উদ্ধাৰ কৰিছিল। ৰঙিয়া আৰক্ষীৰ এনে সফলতাৰ পিচতে ৰাজ্যৰ বিশেষ আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে অভিযানকাৰী দলটোক উৎসাহিত আৰু স্বীকৃতি দিয়াৰ বাবে দুই লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে ।
প্ৰেৰক ফাৰুক হুছেইন