নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে শনিবাৰে আবেলি যৌথভাৱে অভিযান চলাই লাহৰীঘাটৰ বৰবৰিত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰী। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জিয়াবুৰ ৰহমান। সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ৬টা আৰু ২টা খালী কণ্টেইনাৰ জব্দ কৰে। উল্লেখ্য যে সৰবৰাহকাৰীটোয়ে দীৰ্ঘ দিনৰে পৰা অঞ্চলটোত এনে অনৈতিক কাৰ্যকলাপত জড়িত অভিযোগ আছে।বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে লাহৰীঘাট থানাত সোধপোছ অব্যাহত ৰাখিছে সৰবৰাহকাৰীটোক।

প্ৰেৰক আবুল কালাম 

You might also like